নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়া হৈ ৬টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী: ঢকুৱাখনাৰ বাগিচা গাঁওৰ সমীপৰ পাগলী পথাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিল ৬টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন।মৃত কুকুৰ ভক্ষণৰ পিছতেই ৬টা শগুণ মৃত্যুমুখত পৰাৰ উপৰিও ২টা শগুন গুৰুতৰভাৱে অসুস্থ হৈ পৰে।প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুনৰ মৃত্যু ঘটাৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। শগুনৰ সংখ্যা উদ্বেগজনক ভাৱে হ্ৰাস পাই অহাৰ সময়তে ৬টাকৈ শগুনৰ অকাল মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী সকলক চিন্তিত কৰি তুলিছে। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্যলয়ৰ নিচেই সমীপৰ পগলা পথাৰত মৃত শগুণকেইটা স্থানীয় লোকে প্ৰতক্ষ কৰি ‘পু এন ফৌ ৱাইল্ড’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোক খবৰ দিয়াত সংগঠনটোৰ তিনিজনকৈ কৰ্মীয়ে জীৱিত অৱস্থাত থকা ২টা শগুন উদ্ধাৰ কৰি ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।লক্ষণীয় যে মৃত শগুণকেইটাৰ কাষতে পৰি আছিল এটা মৃত কুকুৰ। মৃত কুকুৰটো ভক্ষণ কৰাৰ পিছতেই শগুণকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনকৰ্মীয়ে। ইফালে দুজনকৈ প্ৰকৃতিপ্ৰেমী যুৱকে বিষক্ৰিয়া হৈ অসুস্থ অৱস্থাত থকা দুটা দুষ্প্ৰাপ্য শগুনক ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়লৈ নি চিকিৎসক ডা: ৰূপম গগৈৰ তত্ত্বাবধানত বিষক্ৰিয়াত আক্ৰান্ত শগুন দুটাক বেজী, চেলাইন দি চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
শগুন আৰু কুকুৰৰ মৃত্যুৰ কাৰণ অনুসন্ধানৰ বাবে নমুনা সংগ্ৰহ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ কথা  বুলি পশু চিকিৎসক গৰাকীয়ে জানিবলৈ দিছে  । শগুন মৃত্যুৰ কাৰণ সন্দৰ্ভত   খৰতকীয়া তদন্তৰ লগতে কোনো দোষী ব্যক্তি চিনাক্ত হলে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ স্থানীয়লোকে সংশ্লিষ্ট বিভাগক  দাবী জনাইছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like