নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱটৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: শুকুৰবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱটৰ ৮৯ বছৰ বয়সত মৃত্যু হয়। পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, পুনেৰ এখন চিকিৎসালয়ত শ্বেখাৱটে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ হাৰ্ট এটেক হৈছিল। কিছুদিন আগতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। আজি ৰাতিপুৱা ৯ বজাত তেওঁৰ মৃত্যু হয়।

ইপিনে দেৱীসিং শ্বেখাৱটৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, ‘দেৱীসিং শ্বেখাৱট ডাঙৰীয়াৰ মৃত্যুত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু তেওঁৰ পৰিয়ালৰ সৈতে দুখৰ সমভাগী হৈছোঁ। তেওঁ নিজৰ বিভিন্ন সামূহিক সেৱাৰ জৰিয়তে সমাজত এক চিন ৰাখি গৈছে।’

You might also like