নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা এলিভেটেড পথ প্রকল্পৰ প্রগতিৰ পর্যালোচনা কেন্দ্রীয় মন্ত্রী গাডকাৰিৰ

নিয়মীয়া বাৰ্তা, ১১ মে’: বিশ্বপ্রসিদ্ধ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন্যপ্রাণীয়ে নিৰাপদে চালচলন কৰাৰ প্রতি লক্ষ্য ৰাখি নির্মীয়মাণ কাজিৰঙা এলিভেটেড পথ প্রকল্পৰ প্রগতিৰ পর্যালোচনা কৰিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে টুইটযোগে এই সন্দর্ভত মন্তব্য কৰে৷ ভাৰতৰ বন্যপ্রাণী প্রতিষ্ঠানে বন্যপ্রাণী অহা–যোৱা কৰা পথ চিনাক্ত কৰাৰ পিছত কাজিৰঙা এলিভেটেড পথ প্রকল্পৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ প্রায় ৩৪ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথ প্রকল্পটোৰ কাম কিমানখিনি আগবাঢ়িছে, সেই সন্দর্ভত আজি পর্যালোচনা কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ তদুপৰি ফ’ৰলেনযুক্ত ঘাইপথটোৰ প্রায় ৫০ কিলোমিটাৰ দৈর্ঘ্যৰ পথ নির্মাণৰ কামৰো বুজ লয় মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে এই ৫০ কিলোমিটাৰ দৈর্ঘ্যৰ পথত প্রায় তিনি কিলোমিটাৰ দৈর্ঘ্যৰ সুৰংগ নির্মাণৰ কামো চলি আছে৷ মন কৰিবলগীয়া যে ব্যয়ৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সুৰংগ নির্মাণক পৃথক প্রকল্প হিচাপে বিবেচনা কৰিবলৈ নির্দেশনা দিছে৷ সুৰংগ নির্মাণৰ সময়ত ওলোৱা আৱর্জনাসমূহ পথ নির্মাণত ব্যৱহাৰত গুৰুত্ব দিবলৈও নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷ লক্ষণীয় যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এলিভেটেড পথত নিৰীক্ষণ প্লেটফর্ম এখন অন্তর্ভুক্ত কৰাৰ পৰামর্শ দিয়ে, যাতে পর্যটকসকলে বন্যপ্রাণী নিৰীক্ষণৰ সুযোগ লাভ কৰে৷ তেনেদৰে পথটিত পর্যটকসকলে যাতে যান–বাহন ৰখাৰ সুবিধাও লাভ কৰিব পাৰে তাৰ ওপৰতো গুৰুত্ব দিবলৈ নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷

You might also like