নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ড এম্বুশ্বঃ এজন মেজৰসহ ৩০ বিশেষ সশস্ত্র সেনাৰ নাম অভিযোগনামাত লিপিবদ্ধ নাগালেণ্ড আৰক্ষীৰ

২১ পেৰা স্পেচিয়েল ফ’চৰ জোৱানে এম্বুশ্বৰ সময়ত অনুকৰণ কৰা নাছিল এছঅ’পি

নিয়মীয়া বাৰ্তা, ১২ জুন: দেশজুৰি আলোড়নকাৰী নাগালেণ্ডৰ এম্বুশ্বত ১৪ নিৰীহৰ প্রাণ হেৰুওৱা ঘটনাক লৈ নাগালেণ্ড আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে৷ নাগালেণ্ড আৰক্ষীৰ এই অভিযোগনামাত এজন মেজৰসহ ৩০ বিশেষ সশস্ত্র সেনাৰ নাম অন্তর্ভুক্ত হৈছে৷ ২০২১ বর্ষৰ ৪ ডিচেম্বৰত নাগালেণ্ডত নিশা পিক’আপ ভেনত ঘৰলৈ উভতি অহাৰ সময়ত ২১ পেৰা স্পেচিয়েল ফ’চৰ জোৱানে এম্বুশ্ব কৰি ট্রাকত থকা নিৰীহ লোকৰ ওপৰত আক্রমণ চলোৱাত ১৪জনৰ প্রাণহানি হৈছিল আৰু এই ঘটনাই দেশজুৰি আলোড়ন সৃষ্টি কৰিছিল৷ সেনাই নিজাববীয়াকৈ মেজৰৰ নেতৃত্বত তদন্ত ঘোষণা কৰাৰ লগতে নাগালেণ্ড আৰক্ষীয়েও এই এম্বুশ্বক লৈ গোচৰ ৰুজু কৰিছিল৷ আৰক্ষীয়ে বিশেষ অনুসন্ধানকাৰী দলৰ তদন্তৰ আধাৰত প্রস্তুত কৰা শপতনামাত এজন মেজৰ আৰু ২১ পেৰা স্পেচিয়েল ফ’চৰ ৩০ জোৱানৰ নাম অন্তর্ভুক্ত কৰিছে৷

বিশেষ অনুসন্ধান দলে তদন্তত প্রকাশ কৰা মতে, এম্বুশ্বৰ সময়ত ২১ পেৰা স্পেচিয়েল ফ’চৰ জোৱানে এছ অ’ পি অনুকৰণ কৰা নাছিল৷ তদুপৰি নিয়মো অনুকৰণো কৰা নাছিল৷ ২০২১ চনৰ ৪ ডিচেম্বৰত সংঘটিত এম্বুশ্বত ১৪জন নিৰীহ লোকে প্রাণ হেৰুওৱাৰ লগতে ক্ষুব্ধ গাঁওবাসীৰ আক্রমণত এজন জোৱান নিহত হৈছিল৷

You might also like