নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে গোলাঘাট আৰু খুমটাই ক্ষেত্ৰীয় পথ সংমণ্ডলৰ “Maintenance Drive” ২০২১-২২ বৰ্ষৰ উদযাপন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত অনুষ্ঠিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে গোলাঘাট আৰু খুমটাই কেন্দ্ৰীয় পথ সংমণ্ডলৰ “Maintenance Drive” ২০২১-২২ বৰ্ষৰ সফল উদযাপন কৰা হয়। এই কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত নিৰ্মিত হোৱা ৮ টা পথৰ তত্বাৱধান কৰাৰ লগতে মেৰামতি কৰা হয়। এই তত্বাৱধানত উক্ত পথকেইটাত গধুৰ যান-বাহন,বাৰিষা বৰষুণৰ ফলত বখ অন্যান্য কাৰণত সৃষ্টি হোৱা গাঁতৰ মেৰামতি, Shoulderৰ মেৰামতি,পথৰ কাষৰ হাবি-জংঘলৰ পৰিষ্কাৰকৰণ, কালভাৰ্টৰ মেৰামতি, পথৰ ফলক তথা চিহ্নৰ মেৰামতি, ট্ৰেফিক চিহ্ন জাননী ফলক ইত্যাদিৰ মেৰামতি কৰা হয়।

বিগত মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচী গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিত সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতত সামৰণি পৰে। উল্লেখ্য যে সংশ্লিষ্ট বিভাগটোৱে শুকানবিল, ধেমাজি মিৰিগাঁও,জৰাগুৰি ১ নং দেৰগাঁও টাউন পথৰ পৰা ১ নং গৰমৰাচাপৰি সংযোগী পথ,ইকৰাণিপাম এন এইচ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ, টি-০৩ৰ পৰা ১নং মহিমাবাৰী গাঁও সংযোগী পথ, টি-০৭ ৰ পৰা হলৌগাঁও সংযোগী পথ, পুলিকৰণি-বালিদুৱাৰ পথ, টি-০৩ ৰ পৰা গোঁহাইগাঁও পথৰ চাফাই আৰু মেৰামতি কাৰ্যসূচী সম্পন্ন কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো স্থানীয় ৰাইজ,বিষয়া- কৰ্মচাৰী,ঠিকাদাৰৰ সহযোগিতাত তত্বাৱধান কৰে গোলাঘাট আৰু খুমটাই কেন্দ্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মৃগেন্দ্ৰনাৰায়ণ দত্তই।

You might also like