নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তি লাভ কৰা শিক্ষকৰ বি এড চার্টিফিকেট ভেৰিফিকেচন হ’ব– শিক্ষামন্ত্রী ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: শিক্ষক নিযুক্তিৰ ক্ষেত্রত নেচনেল কাউঞ্চিল অৱ টিচাৰ এডুকেচন (এনচিটি)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রমাণ–পত্রহে বৈধ হ’ব৷ আজি এই কথা স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ উল্লেখ্য যে শিক্ষা বিভাগে খালী হৈ থকা পদসমূহ পূৰণৰ ক্ষেত্রত ইতিমধ্যে আৰম্ভ কৰিছে প্রক্রিয়া৷ প্রাথমিক বিদ্যালয়ত ৩,৩৮৭টা পদ আৰু উচ্চ প্রাথমিকত ১,৪৩৩টা পদ পূৰণ কৰা হ’ব৷ অহা ১০ মে’ৰ ভিতৰত এই পদসমূহ পূৰণৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে প্রতিগৰাকী প্রার্থীৰ শিক্ষাগত অর্হতা আৰু বিএডৰ প্রমাণ–পত্র পৰীক্ষা আৰম্ভ কৰিছে৷   শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভতে কয় যে প্রতিখন প্রমাণ–পত্র পৰীক্ষা কৰা হ’ব৷ কোনোবা প্রার্থীয়ে বিএড পাছ কৰা প্রতিষ্ঠানটো বৈধ হ’লেও তেওঁৰ প্রমাণ–পত্রখন বৈধ হয়নে নহয়, সেয়া পৰীক্ষা কৰা হ’ব৷ শিক্ষা বিভাগে মুখ্যতঃ এনটিচিৰ প্রমাণ–পত্রহে বৈধ বুলি স্বীকৃতি দিব৷ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ বিএডৰ লগতে আন শিক্ষাগত অর্হতাৰো প্রমাণ–পত্রসমূহ পৰীক্ষা কৰা হ’ব৷ উল্লেখ্য যে আজি অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সমগ্র শিক্ষা অসমৰ উদ্যোগত বিশেষভাৱে সক্ষম ছাত্র–ছাত্রীসকলক সা–সঁজুলি বিতৰণ কৰা হয়৷ এই অনুষ্ঠানৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত শিক্ষামন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰাৰ বাবে আৰম্ভ কৰা প্রক্রিয়াৰ অংশস্বৰূপে শিক্ষকৰ খালী পদসমূহো এই প্রক্রিয়াতেই পূৰণ কৰা হ’ব৷ আজি শিক্ষামন্ত্রী ডাঃ পেগুৱে আনুষ্ঠানিকভাৱে বিশেষভাৱে সক্ষম ছাত্র–ছাত্রীসকলক শৈক্ষিক সামগ্রীৰ লগতে প্রয়োজনীয় তিনিচকীয়া চাইকেল, হুইল চেয়াৰ, চেৰিব্রেল পালচি চেয়াৰ, স্মার্ট ফোন, ব্রেইলী শ্লেট, ব্রেইলী কিট আদিকে ধৰি বিভিন্ন সা–সঁজুলি প্রদান কৰে৷ আজিৰ দিনটোতেই ৰাজ্যখনত মুঠ ৭,০২৩ বিধ সহায় সামগ্রী আৰু ৩,০৫৪ বিধ শ্রৱন সামগ্রী বিভাগীয়ভাৱে বিতৰণ কৰা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে প্রতিগৰাকী ব্যক্তি শাৰীৰিকভাৱে সুস্থ হৈ থাকিলেও সকলো কামতে পার্গত নহ’বও পাৰে৷ সেয়েহে বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ–মাতৃসকলে তেওঁলোকৰ সন্তানক বোজা বুলি কেতিয়াও ভাবিব নালাগে৷ বৰঞ্চ তেওঁলোকক মৰম আৰু আদৰ কৰি ৰাখিব লাগে৷ কাৰণ কিতাপ পঢ়াই কেৱল আনুষ্ঠানিক শিক্ষা নহয়, মানুহে মানুহৰ প্রতি থকা মৰম আৰু কর্তব্য ইয়াৰ অংশস্বৰূপ৷ শিক্ষামন্ত্রীগৰাকীয়ে অভিভাৱকক উদ্দেশ্যি কয় যে তেওঁলোকে যাতে বিভাগীয়ভাৱে কৰা জৰীপত তেওঁলোকৰ সন্তান তথা চুবুৰি অঞ্চলত থকা বিশেষভাৱে সক্ষম ছাত্র–ছাত্রী বাদ পৰি নাযায়, তাৰ বাবে সচেতন হ’ব লাগিব৷ ছাত্র–ছাত্রীসকলে যাতে বিভাগীয় সঠিক সা–সুবিধা লাভ কৰে, তাৰ ওপৰতো নজৰ দিব লাগিব৷

You might also like