নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেমকেয়াৰৰ ICU ত চিকিৎসাধীন হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, স্বাস্থ্যৰ শেহতীয়া খবৰ…

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী: জুবিন অনুৰাগীসকলৰ বাবে সুখবৰ । ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ ।

উল্লেখ্য যে গুৱাহাটী টাউন ক্লাৱত আজি সন্ধিয়াৰ ভাগত অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ অনুষ্ঠানত উপস্থিত থকা কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অসুস্থ হৈ বাগৰি পৰিছিল । যাৰ পাছতে ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ।

ইপিনে বৰ্তমান নেমকেয়াৰ কৰ্তৃপক্ষই যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থ হৈ উঠাৰ কথা জানিবলৈ দিছে ।

ইফালে নেমকেয়াৰ হাস্পতালত ভৰ্তি কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ইয়াৰ পূৰ্বেও এনেদৰে স্নায়ুজনিত সমস্যাত ভোগাৰ কথা জানিব পৰা গৈছে । বৰ্তমান নেমকেয়াৰ হাস্পতালৰ আই চি ইউত ৰখা হৈছে কণ্ঠশিল্পীগৰাকীক ।

You might also like