নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট গ্রুমিং, এটি অগতানুগতিক কেৰিয়াৰ

 

  • ড০ চৱন কুমাৰ শৰ্মা

             বৰ্তমান সময়ত জীৱন ধাৰণ, আচাৰ–ব্যৱহাৰ আৰু আধুনিকতাৰ ডত্তৰণৰ ফলত ঘৰত বিভিন্ন জন্তুৰ লগত সহবাস কৰাৰ প্রৱণতা বৃদ্ধি পাইছে৷ আজিকালি পোহনীয়া কুকুৰ বা মেকুৰী অসমৰ প্রায় প্রত্যেকঘৰ মানুহৰ ঘৰতে দেখা যায়৷ এটা অর্থত ভাৰতবর্ষকে ধৰি বিশ্বৰ বিভিন্ন দেশত পোহনীয়া জীৱ–জন্তুৰ প্রতি আকর্ষণ আৰু খৰচ কৰাৰ মানসিকতা আগতকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে স্থান আৰু ষ্টেটাছ ভেদে এইবোৰত বিভিন্নতাও আছে৷ সেয়েহে পোহনীয়া জীৱ–জন্তুৰ প্রতিপালন আৰু সৌন্দর্য বর্ধনৰ বিশেষ পাঠ্যক্রম গ্রহণ কৰা লোকসকলৰ অনাগত দিনবোৰত গুৰুত্ব বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে৷

পোহনীয়া জীৱ–জন্তুৰ প্রতি আকর্ষিত লোকসকলৰ বাবে পেট গ্রুমিং এটি আকর্ষণীয় আৰু ৰিৱার্ডিং কেৰিয়াৰ অপচন৷ যিসকলে পোহনীয়া জন্তুৰ প্রতিপালন আৰু ৰক্ষণাবেক্ষণত বিশেষজ্ঞ, তেওঁলোককে পেট গ্রুমার্ছ বুলি কোৱা হয়৷ বিভিন্ন ঘৰুৱা জন্তু, যিবোৰক মানুহৰ লগত একেলগে সহবাস কৰিব দিয়া হয় বা কৰা হয়, সেইবোৰক সুন্দৰ আৰু স্বাস্থ্যকৰভাৱে ৰখাই পেট গ্রুমার্ছসকলৰ প্রথম আৰু প্রধান কাম৷ এই কেৰিয়াৰে জন্তুক ভালপোৱাসকলক জন্তুবিলাকৰ সৈতে কাম কৰাৰ সুবিধা দিয়ে৷ এই ক্ষেত্রখনত ২০১৬ চনৰ পৰা ২০২৬ চনলৈকে প্রায় ২২ শতাংশ নিয়োগ বৃদ্ধিৰ পূর্বানুমান কৰা হৈছে৷ পেট গ্রুমিঙৰ পাঠ্যক্রমত বিশেষকৈ কুকুৰ আৰু মেকুৰীৰ এনাটমী, আচৰণ, স্বাস্থ্য আৰু সুৰক্ষা, প্রাথমিক চিকিৎসা আদিৰ শিক্ষা দিয়া হয়৷ পোহনীয়া জীৱ–জন্তু প্রতিপালন আৰু ৰক্ষণাবেক্ষণৰ তিনিমহীয়া ডিপ্ল’মা পাঠ্যক্রমধাৰী লোকে পেট ড্রেইনাৰ, পেট ৱাকাৰ, পেট হেণ্ডলাৰ, ভেটেৰিনেৰী সহযোগী, পৰীক্ষাগাৰ জন্তু পর্যবেক্ষক আদিৰ ৰূপত নিজৰ ৰুচি মতে যিকোনো এটা দিশত পার্গত হৈ নিজৰ বাবে এটি কর্মসংস্থাপনৰ দিহা কৰি ল’ব পাৰে৷
পেট প্রতিপালন আৰু সৌন্দর্য বর্ধনৰ কৌশলবোৰৰ চাহিদা নগৰ–চহৰত দিনক দিনে পেট চেলুন অথবা ভেটেৰিনেৰী ক্লিনিকৰ ৰূপত বৃদ্ধি পাবলৈ লৈছে৷ যাৰ ফলস্বৰূপে এই ক্ষেত্রখনত নিয়োগৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ পেট গ্রুমিঙৰ পাঠ্যক্রমৰ বাবে বিশেষ কোনো শিক্ষাগত অর্হতাৰ প্রয়োজন নাই৷ যিকোনো অর্ধশিক্ষিত, অশিক্ষিত অথবা সাধাৰণ শিক্ষিত নিবনুৱা যুৱক–যুৱতীয়ে এই পাঠ্যক্রম বা প্রশিক্ষণ গ্রহণ কৰি অতি কম দিনত নিজৰ বাবে এটি কর্মসংস্থাপনৰ পথ প্রশস্ত কৰাৰ ডপৰি নিজাববীয়াকৈ পেট চেলুন অথবা ম’বাইল পেট সেৱা আগবঢ়াই নিজৰ লগতে আন চাৰিজনকো সংস্থাপন দিব পাৰে৷ মন কৰিবলগীয়া যে ভেটেৰিনেৰী পাঠ্যক্রমৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্রীধাৰী ছাত্র–ছাত্রীয়েও আজিকালি ভাৰতবর্ষৰ বিভিন্ন ঠাইত ভেটেৰিনেৰী বিশেষকৈ পেট ক্লিনিক খুলি পেট গ্রুমিং আৰু স্বাস্থ্য পৰীক্ষাৰ সেৱা আগবঢ়াই থকা দেখা যায়৷
পেট গ্রুমিঙৰ ঊর্ধ্বমুখী চাহিদাৰ প্রতি লক্ষ্য ৰাখি ভাৰতবর্ষৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে সেৱাৰ লগতে প্রশিক্ষণ অথবা পাঠ্যক্রম আগবঢ়াব লৈছে৷ পেট গ্রুমিঙৰ প্রশিক্ষণ অথবা পাঠ্যক্রম প্রদান কৰা কেইখনমান আগশাৰীৰ প্রতিষ্ঠানবোৰ তলত ডল্লেখ কৰা হ’ল–
১.PAWPAD, Pet Grooming, Bangalore

ইয়াত পেট গ্রুমিঙৰ দুমহীয়া পাঠ্যক্রম আৰু তিনিমহীয়া ইণ্টার্নশ্বিপ সম্পূর্ণ কৰাৰ পিছত পেট গ্রুমিঙৰ চার্টিফিকেট প্রদান কৰা হয়৷
.Fuzzy Wazzy Professional Pet Grooming School, Bangalore.

.Scoopy Scrub, New Delhi

৪.Shevar Grooming School, Bangalore

.Whiskers & Tails, Mumbai

.Pet Grooming Academy, Mumbai

উপৰিউক্ত প্রায় সকলোবোৰ প্রতিষ্ঠানে পেট গ্রুমিঙৰ এমহীয়াৰ পৰা তিনিমহীয়া বেছিক আৰু এডভান্স নামৰ পাঠ্যক্রম বিশেষ প্রশিক্ষণৰ যোগেদি সম্পূর্ণ কৰে৷ এইবোৰৰ ভিতৰতScoopy Scrub, New Delhi আৰ Whiskers & Tails, Mumbai ঃ দুয়োটা অনুষ্ঠানৰ পাঠ্যক্রম গ্রহণ কৰা লোকক তেওঁলোকৰ ফ্রেনচাইজৰ ৰূপত ভাৰতবর্ষৰ বিভিন্ন ঠাইত পেট গ্রুমিঙৰ সেৱা আগবঢ়াবলৈ সুবিধা প্রদান কৰে৷

You might also like