নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ আৰ ৰহমান অনুষ্ঠান: সর্ববৃহৎ সংগীত মহোৎসৱক লৈ উৎকণ্ঠিত উত্তৰ–পূর্বৰ সংগীতপ্রেমী

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ  উত্তৰ–পূবৰ সর্ববৃহৎ সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ উদ্যোগত অহা ১ ফেব্রুৱাৰীত বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া ‘এ আৰ ৰহমান কনচার্ট ফ’ৰ পীচ’ শীর্ষক সর্ববৃহৎ সংগীত মহোৎসৱক লৈ উৎকণ্ঠিত হৈ পৰিছে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ সংগীতপ্রেমী৷ প্রথমবাৰলৈ উত্তৰ–পূর্বাঞ্চলত সংগীত পৰিৱেশন কৰিবলৈ অহা অস্কাৰ বিজয়ী বিশ্ববিশ্রুত সংগীত শিল্পীগৰাকীক আদৰিবলৈ এতিয়া সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ উত্তৰ–পূবৰ ভিতৰতে সর্ববৃহৎ এই সংগীত মহোৎসৱক সফল কৰি তুলিবলৈ এতিয়া ষ্টেডিয়ামৰ ভিতৰে–বাহিৰে সীমাহীন ব্যস্ততা৷ বিভিন্ন বিভাগত দুই শতাধিক বনুৱাই দিন–ৰাতি একাকাৰ কৰি শিল্পীগৰাকীৰ বাবে মঞ্চখন প্রায় সাজু কৰি তুলিছে৷

উল্লেখ্য যে বিশ্ববিশ্রুত শিল্পীগৰাকীৰ সংগীত মহোৎসৱৰ বাবে ৭৫খন ট্রাকত অনা বিভিন্ন সামগ্রীও ইতিমধ্যে বর্ষাপাৰা ষ্টেডিয়াম আহি পাইছে৷ সংগীতানুষ্ঠানৰ বাবে তৈয়াৰ কৰা সুবিশাল মঞ্চৰ ফলত যাতে খেলপথাৰৰ কোনো ক্ষতি নহয়, তাৰ বাবে বিশেষ নজৰ ৰখা হৈছে৷ ইয়াৰ বাবে বাহিৰৰ পৰা অহা বিশেষ ধৰণৰ সামগ্রীৰ ওপৰতে সুবিশাল মঞ্চখন নির্মাণ কৰা হৈছে৷ লক্ষণীয় যে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ চি এম ডি ৰিণিকি ভূঞা শর্মাৰ প্রত্যক্ষ তত্ত্বাৱধানত মহোৎসৱৰ সকলো কাম চলাই থকা হৈছে৷ চি এম ডি শর্মাই নিজেও কেইবাবাৰো বর্ষাপাৰালৈ গৈ সকলো প্রস্তুতিৰ বুজ লয়৷ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অসমত প্রথমবাৰলৈ হ’বলগীয়া শিল্পীগৰাকীৰ এই বৃহৎ মহোৎসৱত প্রায় ৪০ হাজাৰ সংগীতপ্রেমীৰ আগমন হ’ব বুলি আশা প্রকাশ কৰা হৈছে৷

ইতিমধ্যে সংগীত মহোৎসৱৰ সকলো টিকটৰ বুকিঙো প্রায় শেষ হৈছে৷ ‘মুকাবলা’, ‘বন্দে মাতৰম’ আদিকে ধৰি কেইবাটাও ছুপাৰহিট গীত উপহাৰ দিয়া শিল্পীগৰাকীৰ সংগীতানুষ্ঠান নিচেই কাষৰ পৰা উপভোগ কৰিবলৈ এতিয়া উদগ্রীৱ হৈ পৰিছে সকলো সংগীতপ্রেমী৷ ১ ফেব্রুৱাৰীৰ বিশেষ সন্ধ্যাটো অকল বর্ষাপাৰাতেই নহয়, সমগ্র গুৱাহাটী মায়াবী হৈ পৰিব অস্কাৰ বিজয়ী শিল্পী এ আৰ ৰহমানৰ সংগীতৰ মূর্ছনাৰে৷ অপেক্ষা মাথোঁ কেইটামান ঘণ্টাৰহে৷

You might also like