নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঘুপতি

জনপ্রিয় অভিনেতা ৰবি শর্মাৰ কাহিনী–সংলাপ–অভিনয়

২০২০ বর্ষৰ আৰম্ভণিতে অসমীয়া ছবিজগতত পুনৰ এক আলোড়ন সৃষ্টি কৰাৰ লক্ষ্যৰে দৃশ্যগ্রহণ আৰম্ভ হৈছে জনপ্রিয় অভিনেতা ৰবি শর্মাৰ কাহিনী, সংলাপ আৰু অভিনয়েৰে ‘ৰঘুপতি’ নামৰ ছবিখনৰ৷ তৃষ্ণ মোচন পিকচার্ছৰ দ্বাৰা নিবেদিত, নৱপ্রজন্মৰ এগৰাকী প্রতিভাৱান চিত্রনাট্যকাৰ আৰু পৰিচালক সুব্রত কাকতিৰ পৰিচালনাৰে আৰম্ভ হোৱা ছবিখনৰ দৃশ্যগ্রহণ কৰিছে প্রদীপ দৈমাৰীয়ে৷ ছবিখনত অভিনয় কৰিছে ৰবি শর্মা, অৰুণ নাথ, অৰুণ হাজৰিকা, প্রীতিকংগনা, সিদ্ধার্থ শর্মা, ৰাজ শর্মা, মনজিৎ শর্মা, প্রিয়ম পল্লৱী আদিয়ে৷ মনোজ মিশ্রই প্রযোজনা কৰা ছবিখনত মেকআপৰ দায়িত্বত আছে বিজেয়িতা পাটগিৰি, জুৰি কলিতাৰ কষ্টিউম ডিজাইন, সংগীত পৰিচালনা কৰিছে প্রণয় দত্ত আৰু আৰশ্বদ মাছুদ ৰহমানে৷ এৰিয়েল চিনেমাটোগ্রাফী অর্ণৱ হাজৰিকা, সহযোগী পৰিচালক হিচাপে আছে হেমন্ত গগৈ আৰু সহঃপৰিচালক হিচাপে আছে নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া৷ প্রায় ১.৫ কোটি টকাৰ বৃহৎ বাজেটেৰে চিত্রগ্রহণ চলি থকা ছবিখনৰ লোকেচন অতি মনোমোহা৷ গুৱাহাটী, গোলাঘাট, বঙাইগাঁও আদিৰ উপৰি অসমৰ বাহিৰতো চিত্রগ্রহণ হ’ব লগা ছবিখনৰ নির্মাণ সম্পূর্ণ হ’বলৈ মাত্র ৫০ দিনৰ সময়সীমা নির্ধাৰণ কৰিছে৷ ছবিখনৰ দৃশ্যগ্রহণ চলিছে গোলাঘাটৰ ভিন্ন স্থানত৷ মাঘ বিহুৰ পিছতে গুৱাহাটীৰ বিভিন্ন লোকেচনত ‘ৰঘুপতি’ৰ চিত্রগ্রহণ আৰম্ভ হয়৷ উল্লেখ্য যে কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পিছত পৰিয়ালৰ সকলোৰে উপভোগ্য ‘ৰঘুপতি’কো দর্শকে আদৰি ল’ব বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰিছে অভিনেতা ৰবি শর্মা, পৰিচালক সুব্রত কাকতিয়ে৷

You might also like