নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ “শ্ৰেষ্ঠ জিলা সাহিত্য সভা”ৰ স্বীকৃতি লাভ কৰা মৰিগাঁও জিলাৰ অন্তৰ্গত, বাৰপূজীয়া শাখা সাহিত্য সভাৰ বিশেষ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা এখন আজি শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। শাখা খনৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ ২০২৪চনৰ মধ্যকালীন অধিবেশন বাৰপূজীয়াত অনুষ্ঠিত হ’ব বুলি অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্তক সভাই আদৰণি জনায়। লগতে সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশন খনি বাৰপূজীয়া শাখাৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰবাবে অধিবেশন খনি সফল কৰি তুলিবলৈ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰী কৰিবলৈ নেতৃবৃন্দক কৰ্তৃত্ব অৰ্পণ কৰে। শেষত সভাপতিয়ে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি জাতীয় সংগীত পৰিবেশনেৰে সভা সামৰণি ঘোষণা কৰে।

প্ৰেৰক মানস নাথ

You might also like