নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ চেলেংহাট মণ্ডলত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ মৰিয়নি সমষ্টিৰ অন্তৰ্গত বিজেপিৰ চেলেংহাট মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা আজি ১১নং পূৱ লাহিং গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা দলীয় পতাকা উত্তোলন কৰে বিজেপিৰ চেলেংহাট মণ্ডলৰ সভাপতি গিৰীশ দাসে। আনহাতে, গিৰীশ দাসৰ সভাপতিত্ব কৰা সভাখনৰ আঁ‌ত ধৰাৰ লগতে প্ৰস্তাৱ পাঠ কৰে সাধাৰণ সম্পাদক প্ৰশান্ত চাহুৱে। সভাত বিগত সময়ৰ দলীয় খতিয়ান ডাঙি ধৰা হয়। একেদৰে ভৱিষ্যত সময়ৰ কাৰ্য্যপন্থাৰ ওপৰত বিশদ আলোচনা কৰা হয়। যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, চেলেংহাট মণ্ডলৰ প্ৰভাৰী জিতু হাজৰিকা, যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই দলৰ সাংগঠানিক দিশৰ ওপৰত আলোকপাত কৰে। সভাখনত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট মহকুমা চাহ ও প্ৰাক্তন চাহ উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰ, যোৰহাট জিলা বিজেপিৰ কোষাধ্যক্ষ ৰাজেশ যোশী, যোৰহাট জিলাৰ সম্পাদক পুলেন চুতীয়া, মনোজ চৌধুৰী, যোৰহাট জিলা অ’ বি চি মৰ্চাৰ সভাপতি নিলোৎপল গগৈ, চেলেংহাট মণ্ডলৰ সম্পাদক অভিজিত গগৈ প্ৰমুখ্যে বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰে। সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like