নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো সাজ–পোছাকক বিশ্বৰ বজাৰলৈ নিব দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমার্চে

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ প্রযুক্তিৰ পৰশেৰে বড়োভূমিৰ চহকী বস্ত্রশিল্পহ লাভ কৰিব আধুনিক ৰূপ৷ গুজৰাটৰ বিখ্যাত বস্ত্রশিল্পৰ হাত ধৰি বিশ্বৰ বজাৰলৈ যাব পৰম্পৰাগত বড়ো সাজ–পোছাক৷ হয়াৰ বাবে শীঘ্রে দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমার্চ এণ্ড হণ্ডাষ্ট্রীৰ (এছ জি চি চি আহ) সৈতে বিটিচি চৰকাৰে এক বুজাবুজি চুক্তি সম্পাদন কৰিব৷ দেশৰ বস্ত্রশিল্পৰ ৰাজধানী হিচাপে পৰিচিত ছুৰাটত   ‘এছ জি চি চি আই এক্সপ’ ২০২২’ৰ উদ্বোধনী অনুষ্ঠিত বাণিজ্যিক সংগঠনটোৰ সভাপতি আশিস গুজৰাটীয়ে এহ কথা ঘোষণা কৰে৷

কেন্দ্রীয় বস্ত্র ৰাজ্যমন্ত্রী দর্শনা ভি জাৰদোছে উদ্বোধন কৰা ‘এছ জি চি চি আহ এক্সপ’’ত বিটিচিৰ মুৰব্বী প্রমোদ বডোকে ধৰি স্বায়ত্তশাসিত পৰিষদখনৰ এটা প্রতিনিধি দলো উপস্থিত থাকে৷ লক্ষণীয়ভাৱে এছ জি চি চি আই এক্সপ’ৰ উদ্বোধনী অধিৱেশনৰ মূল বিষয়বস্তুৱে আছিল ‘বডোলেণ্ডৰ বস্ত্রখণ্ড’৷ এছ জি চি চি আহৰ তৰফৰ পৰা প্রকাশ কৰা এক প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে যে কোকৰাঝাৰত শেহতীয়াকৈ কেন্দ্রীয় বস্ত্র ৰাজ্যমন্ত্রী জাৰদোছে উদ্বোধন কৰা ‘বড়োলেণ্ড টেক্সটাহলছ মিছন’ৰ এক অবিচ্ছেদ্য অংগ হিচাপে এছ জি চি চি আয়ে বিটিচিৰ সৈতে বস্ত্রখণ্ডত বুজাবুজি চুক্তিত আবদ্ধ হ’ব৷ এছ জি চি চি আইৰ সভাপতি গুজৰাটীয়ে কয় যে উন্নত প্রযুক্তিবিদ্যাৰ জৰিয়তে বডোলেণ্ডৰ চহকী বস্ত্রশিল্পক কেনেদৰে বিশ্বৰ বজৰাত দাঙি ধৰিব পাৰি, তাৰ বাবেহ আমি বিটিচি চৰকাৰৰ সৈতে অনাগত দিনত কাম কৰিম৷ নতুন নতুন প্রযুক্তিৰ যোগন ধৰিম বিটিচিক৷

উল্লেখ্য যে দেশৰ আগশাৰীৰ বস্ত্র উদ্যোগসমূহে এছ জি চি চি আহক প্রতিনিধিত্ব কৰে৷ আনহাতে দুবাৰকৈ বডোলেণ্ড ভ্রমণ কৰা কেন্দ্রীয় বস্ত্র ৰাজ্যমন্ত্রী জাৰদোছে উদ্বোধনী অনুষ্ঠানত কয় যে এছ জি চি চি আইৰ সহযোগত বড়োলেণ্ডৰ বস্ত্রশিল্পত এক নতুন যুগৰ সূচনা হ’ব৷ বডোলেণ্ড ভ্রমণকালত বডো সাজ–পোছাক দেখি অভিভূত হৈ পৰা বুলিও জাৰদোছে নিজৰ বক্তব্যত প্রকাশ কৰে৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পথ প্রদর্শন কৰা ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ আঁত ধৰি বডোলেণ্ডৰ বস্ত্রশিল্পত নিহিত হৈ থকা সম্ভাৱনাক উদ্ভাসিত কৰাৰ বাবে বিশ্বমানৰ প্রযুক্তিবিদ্যা তথা বজাৰৰ দিহা প্রদান কৰিবহ লাগিব৷ বিশেষকৈ পৰম্পৰাগত বস্ত্রশিল্পক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাটো কেন্দ্রৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ অন্যতম লক্ষ্য বুলিও তেওঁ নিজৰ ভাযণত মন্তব্য কৰে৷ এইক্ষেত্রত বডোলেণ্ডৰ বয়ন শিল্পীসকলক পর্যাপ্ত প্রশিক্ষণ আগবঢ়োৱাত এছ জি চি চি আয়ে অগ্রণী ভূমিকা পালন কৰিব পাৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷

আনহাতে নিজৰ ভাষণত বিটিচিৰ মুৰব্বী প্রমোদ বড়োৰ বক্তব্য– বহু দিনৰ অন্তত বড়োলেণ্ডত এতিয়া শান্তিৰ বাতাৱৰণ উভতি আহিছে৷ অঞ্চলটোৰ অর্থনীতি আগবঢ়াহ নিয়াৰ বাবে এয়াই হৈছে আচল সময়৷ এক অনন্য শৈলীৰে বয়ন কৰা বড়ো পৰম্পৰাগত সাজ–পোছাকৰ এক সম্পূর্ণ ভিন্ন মাত্রা আছে৷ আৰু এই মাত্রাক আৰু অধিক স্বকীয় তথা সুস্পষ্ট কৰি তুলিবলৈ হয়াত উন্নত প্রযুক্তিৰ প্রয়োজন আছে৷ দক্ষতা বিকাশৰ প্রয়োজন আছে৷ থলুৱা পাৰদর্শিতাক বিশ্বমানৰ কৰি তোলাৰ প্রয়োজন আছে৷ ইয়াৰ বাবে বডোহ এছ জি জি আই এক্সপ’ত উপস্থিত উদ্যোগপতিসকলক বডোলেণ্ডৰ লগতে সমগ্র অসমত বিনিয়োগ আৰু বিশেষজ্ঞসকলক প্রেৰণ কৰাৰ আহ্বান জনায়৷ পাছত ছুৰাটৰ পৰা টেলিফোনত এহ প্রতিবেদকৰ আগত বিটিচিৰ মুৰব্বীজনে কয় যে বড়োলেণ্ডৰ বস্ত্রশিল্পত নিহিত হৈ থকা সম্ভাৱনাক আগবঢ়াহ নিয়াৰ বাবেহ দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমার্চ এণ্ড হণ্ডাষ্ট্রীৰ আমন্ত্রণমর্মে আমি ছুৰাটলৈ আহিছেছা৷ হয়াত দেশৰ আগশাৰীৰ বহুতো টেক্সটাহল কোম্পানীৰ লগত বিভিন্ন বিষয়ত আলোচনাও কৰি আছেছা৷ মোৰ আশা– ছুৰাট ভ্রমণ আমাৰ সফল হ’ব৷ সময় লাগিলেও এদিন নহয় এদিন বডো বস্ত্রশিল্পহ বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিব৷ ছুৰাটৰ পৰা টেলিফোনত এহ আশাৰ বাণী শুনালে বিটিচিৰ মুৰব্বীজনে৷

You might also like