নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মা দুৰ্গাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীঃ মহানগৰীতে ৫ শতাধিক পূজা; বজাৰৰ সমান্তৰালকৈ শ্বপিং মলতো ভিৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: অপশক্তিক বিনাশ কৰি ধৰাৰ বুকুলৈ শান্তি, সমৃদ্ধিৰ বার্তা লৈ মহালয়াৰ পৱিত্র ক্ষণত আগমন ঘটিল দেৱী দুর্গাৰ৷ ফৰকাল বতৰ, ফটফটীয়া জোনাক, নাতিশীতোষ্ণ পৰিৱেশত দুর্গাপূজাৰ আনন্দ ল’বলৈ ৰাজাবাসী সাজু হৈ উঠিছে৷ মহিষমর্দিনীৰ মৃণ্ময় মূর্তিত শেষ পৰশ দিয়াত শিল্পীসকল ব্যস্ত হৈ পৰিছে৷ সুন্দৰ আলোকসজ্জা, বৃহৎ মণ্ডপ নির্মাণেৰে ভক্তৰ দৃষ্টি আকর্ষণ কৰিবলৈ প্রতিখন পূজা কমিটীয়ে বৃহৎ বাজেটেৰে পূর্ণগতিত আগবঢ়াই নিছে কাম–কাজ৷ ইয়াৰ মাজতে মন পছন্দৰ সাজ–পোছাক, জোতা–চেণ্ডেল, গহনা আদি বিচাৰি বজাৰত গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ চহৰে–নগৰে, গাঁৱে–ভূঞে থকা বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷

বিগত দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ শাম কটাৰ পাছত এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যবাসী বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ ইয়াৰ বাবে পূজাৰ পূর্বে দেশৰ ভিন্ন প্রান্তৰ পৰা কাপোৰৰ ব্যৱসায়ীসকলে বিভিন্ন ডিজাইনৰ কাপোৰ, গহনা, জোতা–চেণ্ডেল আদি আনি বজাৰত উলিয়াই দিছে৷ বিশেষকৈ উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লী, তামিলনাডু, কর্ণাটক আদিকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অনা সাজ–পোছাকেৰে ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে৷ অৱশ্যে বিগত বর্ষসমূহৰ তুলনাত এইবেলি সাজ–পোছাক, গহনা, জোতা–চেণ্ডেল আদিৰ দাম পাইকাৰী বজাৰত কিছুমানে পৰিমাণে বৃদ্ধি পোৱা বুলি ব্যৱসায়ীসকলে সদৰী কৰিছে৷ যাৰ বাবে খুচুৰা বজাৰতো ইয়াৰ প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷

আন অত্যাৱশ্যকীয় সামগ্রীৰ লগতে কাপোৰ–কানিৰ দাম বৃদ্ধিয়ে বজাৰলৈ অহা গ্রাহকক সমস্যাত নেপেলোৱা নহয়৷ ৰাজ্যৰ আন প্রান্তৰ লগতে মহানগৰীৰ বজাৰসমূহতো নতুন নতুন ডিজাইনৰ কাপোৰ মুকলি কৰি দিছে ব্যৱসায়ীসকলে৷ ফাঁচীবজাৰ, মালিগাঁও, গণেশগুৰি, পল্টনবজাৰ আদিকে ধৰি মূল বজাৰসমূহত ক্রমাৎ পূজাৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভিৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে৷ কেৱল গুৱাহাটীৰেই নহয়, দাঁতি–কাষৰীয়া বিভিন্ন অঞ্চলৰ লোক আহি এই বজাৰসমূহত পছন্দৰ কাপোৰ ক্রয় কৰিছে৷ অৱশ্যে একাংশ ব্যৱসায়ীয়ে প্রকাশ কৰা অনুসৰি পূর্বৰ তুলনাত অনলাইন বজাৰৰ জনপ্রিয়তাই এই বজাৰসমূহত কিছু পৰিমাণে প্রভাৱ পেলাইছে৷ সমান্তৰালভাৱে মহানগৰৰ বজাৰসমূহৰ উপৰি বিভিন্ন শ্বপিং মলসমূহতো ভিৰ বৃদ্ধি পোৱা দেখা গৈছে৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে দুর্গাপূজা উদ্যাপনৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা জাৰি কৰা কৰা হৈছিল৷ কেৱল ধর্মীয় ৰীতি–নীতি ৰক্ষা কৰি পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল৷ যাৰ বাবে পূর্বৰ দৰে বিগত দুটা বছৰে ৰাজ্যত পূজাক লৈ ব্যাপক উছাহ–উদ্দীপনা পৰিলক্ষিত হোৱা নাছিল৷ একেদৰে দুর্গাপূজা কমিটীসমূহেও বৃহৎ বাজেটেৰে বিভিন্ন আর্হিৰ আকর্ষণীয় মণ্ডপ নির্মাণ কৰা নাছিল৷ কিন্তু এইবাৰ লাখ লাখ টকা বাজেটেৰে পুনৰ আকর্ষণীয় আর্হিৰ মণ্ডপৰ লগতে আলোকসজ্জাৰে সজ্জিত কৰি তুলিবলৈ পূর্ণ প্রস্তুতি আৰম্ভ কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি ৩০ লাখ টকা পর্যন্ত বাজেটেৰে এইবাৰ সাজু হৈ উঠিছে মহানগৰীৰ পূজা কমিটী৷ ভৰলু শ্লুইচগেটত ১৮ৰ পৰা ২০ লাখ টকা, মালিগাঁও ইনষ্টিটিউট কলনীত ১৬ লাখ টকা, কালাপাহাৰ ভৈৰৱতোলা পূজা কমিটীত ১০ লাখ টকা, লতাশিল পূজা কমিটীয়ে ১৬ৰ পৰা ২০ লাখ টকা বাজেটেৰে বিভিন্ন আর্হিৰ মণ্ডপ তৈয়াৰ কৰিব৷ শ্লুইচগেটত এইবাৰ মৰাপাতৰ পেণ্ডেল নির্মাণ কৰা হ’ব৷ সেইদৰে লতাশিলত নির্মাণ কৰা হ’ব ভুবনেশ্বৰ মন্দিৰৰ আর্হি৷ তদুপৰি ৰাজ্যৰ আন জিলাসমূহৰ বিভিন্ন স্থানতো বিভিন্ন আকর্ষণীয় আর্হিৰ পূজা মণ্ডপ নির্মাণ কৰা হৈছে৷ সামগ্রিকভাৱে মহিষমর্দিনীৰ আশিস গ্রহণ কৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী৷

You might also like