নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি হস্তান্তৰ চুক্তিয়ে ঢুকি নোপোৱা সীমান্তৰ সিপাৰৰ ধুবুৰী জিলাৰ ভোগডাঙ্গা আৰু ফেশকাৰ কুটি গাঁৱৰ ৰাইজৰ কৰুণ বিননি কাণত পৰিব নে কেন্দ্ৰীয় চৰকাৰৰ?

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: ভাৰত–বাংলাদেশৰ সীমান্তৰ সিপাৰে আছে অসমৰ দুখন গাওঁ। কাঁইটীয়া তাৰৰ বেৰৰ সিফালে থকা ভাৰতীয় সেই গাওঁ দুখনৰ দেশৰ মূল ভূখণ্ডৰ সৈতে যোগাযোগৰ একমাত্ৰ প্ৰৱেশপথ এখন বিশেষ দুৱাৰ। কাঁইটীয়া তাৰৰ বেৰৰ মাজৰ ৫০ নম্বৰ ক্ৰমাংকৰ সেই দুৱাৰখনত ২৪ ঘন্টাই থাকে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) অতন্দ্ৰ প্ৰহৰা। পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ খুলা থাকে দুৱাৰখন; নিশা ৯ বজাৰ ল’গে ল’গে দুৱাৰখনত তলা মাৰাৰ পিছত বিশেষ কোনো নিৰ্দিষ্ট কাৰণ দৰ্শাব নোৱাৰিলে খোলা নহয় সেইখন। গাওঁ দুখনৰ বাসিন্দা ন’হলে সেই দুৱাৰখন পাৰ হ’বলৈ লাগে বিএছএফৰ বিশেষ অনুমতি পত্ৰ; অন্যথা দুৱাৰখনেৰে গাওঁদুখনলৈ যোৱাৰ সন্মতি প্ৰদান নকৰে বিএছএফৰ প্ৰহৰাৰ’ত জোৱানে। ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বাহিৰৰ পিলাৰ নং ১০২১ আৰু ১০২২ৰ মাজত আছে ভোগডাঙ্গা আৰু ফেশকাৰ কুটি নামৰ সেই গাওঁ দুখন। আনুমানিক প্ৰায় ৬৪২ বাসিন্দা থকা গাওঁ দুখনৰ প্ৰায় ৯০ শতাংশ বাসিন্দা হ‘ল কোঁচ ৰাজবংশী লোক। গাওঁ দুখনৰ চাৰিওফালে আগুৰি আছে বাংলাদেশৰ কুৰীগ্ৰাম জিলাৰ কাছেৰ কুটী, সবেৰ কুটী, খুনুৰ গাওঁ, শিবেৰ হাট, বালাবাৰী আৰু আংলেৰ কুটী নামৰ বাংলাদেশী গাওঁ। সীমান্তৰ তাৰৰ বেৰৰ মাজৰ ৫০ নং ক্ৰমাংকৰ দুৱাৰখনেৰে মাটিৰ ঠেক পথচোৱাৰে আগুৱাই গৈ জৰাজীৰ্ণ এখন সৰু কাঠৰ দলং পাৰ হ’লে পোৱা যায় ভোগডাঙ্গা গাওঁখন। ভোগডাঙ্গাৰ পৰা আগুৱাই গ’লে পোৱা যায় কালদেও নামৰ নদী এখনৰ ওপৰত থকা অইন এখন জৰাজীৰ্ণ দলং আৰু সেই দলংখন পাৰ হৈ লিংলিঙীয়া মাটিৰ পথ এছোৱাৰে আগুৱাই গৈ ফেশকাৰ কুটি গাওঁ। গাওঁ দুখনত নাই যাতায়তৰ উপযুক্ত আন্তঃগাঁথনি, নাই স্থায়ী স্বাস্থ্য সেৱাৰ ব্যৱস্থা, নাই বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প। অৱশ্যে বৰ্তমানে অঞ্চলটোত চৰকাৰী খোৱাপানীৰ প্ৰকল্প এটাৰ নিৰ্মাণ চলি থকা বুলি প্ৰকাশ। ইপিনে ভোগডাঙ্গা কুটি এল পি স্কুল আৰু ভোগডাঙ্গা ফেশকাৰ কুটি এল পি স্কুল নামৰ দুখন চৰকাৰী প্ৰাথমিক বিদ্যালয়তেই সীমাবদ্ধ গাওঁ দুখনৰ চৰকাৰী শিক্ষা ব্যৱস্থা। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলিলে ভোগডাঙ্গা আছে ভোগডাঙ্গা সীমান্ত এম ই স্কুল বুলি এখন ভেঞ্চাৰ স্কুল। ইপিনে নিশা ৯ বজাৰ ল’গে ল’গে ভাৰতীয় ভূখণ্ডলৈ যোৱাৰ মূল প্ৰৱেশ পথৰ দুৱাৰ বন্ধ হৈ যোৱাৰ পিছত গাওঁদুখন যেন হৈ পৰে বিচ্ছিন্ন। নিশা হ’লেই যেন সীমান্তৰ কাঁইটীয়া তাৰৰ পৰা আনুমানিক ৩ কিলোমিটাৰ ভিতৰৰ বাংলাদশৰ ভূখণ্ডৰ ফেশকাৰ কুটি গাওঁখন যেন হৈ পৰে অধিক নিঃসঙ্গ। সম্প্ৰতি স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ‘‘হৰ ঘৰ ত্ৰিৰংগা’ আঁচনী ৰূপায়িত কৰিবলৈ জাতীয় পতাকা উত্তোলনৰ কাৰ্য্যসূচীক লৈ গাওঁখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনত চলি থকা তৎপৰতাৰ মাজতেই বাংলাদেশৰ নাগৰিকে তৎপৰতাৰ কাৰণৰ সম্ভেদ বিচাৰি বিদ্যালয়খনলৈ প্ৰৱেশ কৰিছিল বুলিয়েই স্থানীয় সূত্ৰে প্ৰকাশ।

উল্লেখ্য যে, বাংলাদেশৰ সৈতে সম্পূৰ্ণ উন্মুক্ত এই ভাৰতীয় গাওঁদুখনৰ সৈতে বাংলাদেশী গাওঁবোৰৰ দূৰত্বতা হ’ব আনুমানিক এশ মিটাৰ৷ কেৱল নিৰাপত্তাজনিত বিষয়টো লৈয়েই নহয়; বিভিন্ন চৰকাৰী আঁচনিৰ সা–সুৱিধাৰ পৰা বঞ্চিত হৈ থকা বুলিও গাওঁ দুখনৰ বহুতোৰে হৃদয়ত আছে এক সুপ্ত ক্ষোভ। জানিব পৰা মতে, গাওঁ দুখনৰ বাট–পথকে ধৰি বিভিন্ন স্থায়ী আন্তঃগাঁথনি নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে বাংলাদেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত ‘বাংলাদেশ ৰাইফেলচ’ৰ (চমুকৈ বিডিআৰ) আৰু তাৰ বাবেই বহু ক্ষেত্ৰত থমকি ৰ’বলগীয়া হৈছে চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনে। পিছে ভোগডাঙ্গা আৰু ফেশকাৰ কুটিৰ ৰাইজৰ কিন্তু আশা কৰে তেওঁলোকৰ যাতায়াতৰ মাটিৰ সেই পথচোৱাকে ধৰি জৰাজীৰ্ণ দলং দুখনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিব চৰকাৰে; ব্যৱস্থা কৰা হ’ব চিকিৎসা সেৱাকে ধৰি ভাৰতীয় নাগৰিকৰূপে পাবলগীয়া বিভিন্ন চৰকাৰী আঁচনীৰ সা–সুযোগ সমূহো। তেওঁলোকৰ গৃহলৈ ফুৰিবলৈ অহা আত্মীয়–স্বজনৰ ক্ষেত্ৰত বিএছএফে কিছু শিথিলতা দেখুওৱাটোও কামনা গাওঁ দুখনৰ বহুতোৰে। এনে প্ৰেক্ষাপটত, দেশৰ ৭৬তম স্বাধীনতা দিৱসৰ এই ক্ষণত এতিয়া প্ৰশ্ন এয়াই যে বাংলাদেশেৰে হোৱা ভূমি হস্তান্তৰ চুক্তিয়ে সীমান্তবাসী ৰাইজৰ নিৰাপত্তা অধিক সুৰক্ষিত কৰা সম্ভৱপৰ হ’ব বুলি দাৱী কৰা কেন্দ্ৰীয় চৰকাৰখনে শুনিব নে ভোগডাঙ্গা আৰু ফেশকাৰ কুটি নামৰ ভাৰতীয় গাওঁ দুখনৰ ৰাইজৰ এই কৰুণ বিনতি।

You might also like