নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছ ইণ্ডিয়া ছুপাৰমডেল ইণ্টাৰনেচনেলঃ অসমৰ উদেষ্ণা বৰাৰ শিৰত খিতাপ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: দেশৰ মডেলিং–ফেশ্বন উদ্যোগৰে জড়িত আগশাৰীৰ সংস্থা ড্রীমজ প্রডাকচন হাউছৰ দ্বাৰা আয়োজিত ‘মিষ্টাৰ, মিছ এণ্ড মিছেছ ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ত জিলিকি উঠিল এগৰাকী অসম কন্যা৷

শেহতীয়াকৈ লক্ষ্ণৌত অনুষ্ঠিত সৌন্দর্য প্রতিযোগিতাত গুৱাহাটীৰ উদেষ্ণা বৰাই ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ খিতাপ লাভ কৰে৷ এই শাখাত ভূপালৰ শ্রেয়া তালৱাৰ আৰু দিল্লীৰ নিশা গুলীয়াই ক্রমে প্রথম ৰানার্ছ আপ আৰু দ্বিতীয় ৰানার্ছ আপ ৰূপে বিচাৰকৰ দৃষ্টিত বিবেচিত হয়৷ মিষ্টাৰ শাখাত শ্রেষ্ঠত্ব অর্জন কৰা তিনিওজনেই হ’ল জম্মুৰ৷ সমর্থ আৰোৰাই খিতাপ অর্জন কৰাৰ বিপৰীতে চুলতান ৱানিয়ে প্রথম ৰানার্ছ আপ আৰু জগজিৎ সিঙে দ্বিতীয় ৰানার্ছ আপৰ সন্মান লাভ কৰিছে৷

সেইদৰে মিছেছ শাখাত পুনেৰ সুস্মিতা ভাণ্ডাৰী শ্রেষ্ঠ প্রতিযোগী হিচাপে বিবেচিত হৈছে৷ এই শাখাত প্রথম ৰানার্ছ আপ আৰু দ্বিতীয় ৰানার্ছ আপ হয় ক্রমে জয়পুৰৰ পূজা কাৰৱাছাৰা আৰু গুৰগাঁৱৰ ঈষা ধনকাৰ৷ উল্লেখ্য যে সৌন্দর্য প্রতিযোগিতাখনত সাফল্য লাভ কৰা উদেষ্ণা বৰাই গুৱাহাটীতে স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত মুম্বাইৰ কে চি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা উদেষ্ণা বৰাই ৰোছন টানেজা স্কুল অৱ এক্টিঙত অভিনয়ৰ পাঠ্যক্রমত নামভর্তি কৰে৷ ২০১৯ চনৰ পৰা বিভিন্ন টিভি চেনেল আৰু অ’টিটি প্লেটফর্মত অভিনয় কৰি অহা উদেষ্ণা বৰাই মডেলিঙৰ জগতখনতো খোপনি পুতিছে৷

You might also like