নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্রীত চোৰাং গৰু জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা৷ ৰাজ্য চৰকাৰে গো–সুৰক্ষা আইন গৃহীত কৰিছে যদিও হ্রাস পোৱা নাই গৰুৰ চোৰাং বেহা৷ শনিবাৰে মহানগৰীৰ নিকটৱর্তী ক্ষেত্রী থানাৰ অন্তর্গত মালয়বাৰীত সাতটা চোৰাং গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে৷ মালয়বাৰীৰ পথাৰৰ বিৰিণাৰ মাজত চোৰাং গৰু কেইটামান বান্ধি ৰখাৰ এক খবৰ লাভ কৰিছিল ক্ষেত্রী আৰক্ষীয়ে৷ সেই অনুসৰি শনিবাৰে আৰক্ষী সেই স্থানত উপস্থিত হৈ অভিযান চলাই সাতটা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত বর্তমানলৈকে কোনো লোকক আটক কৰা নাই৷

You might also like