নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হওক প্ৰশাসনঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰাৰ পাচত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গ’ল জনসমাগমৰ অসংখ্য ছবি । যি সময়ত দেশৰ জনতাক নিজ নিজ ঘৰৰ ভিতৰতে নিৰাপদে অৱস্থান কৰিবলৈ আহ্বান জনাইছে তেনে সময়তে নগাঁৱৰ ৰূপহীহাটত বহিছে সাপ্তাহিক বজাৰ ।

অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লকডাউন উলংঘাকাৰী এইসকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিলে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক । আজি দিনটোত অহা কেতবোৰ দৃশ্যই বাৰুকৈয়ে চিন্তিত কৰি তুলিছে মন্ত্ৰীগৰাকীক । মন্ত্ৰীগৰাকীয়ে কয় যে, এজন অথবা দুজন লোক বজাৰ কৰিবলৈ যোৱাটো বেলেগ কথা কিন্তু জুৰীয়াত এখন সাপ্তাহিক বজাৰ বহা বিষয়টো অত্যন্ত চিন্তনীয় ।

You might also like