নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প’র্টেলক ৰজা হৈ থাকিবলৈ দিয়া নহ’ব

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নিউজ প’র্টেলসমূহ ৰজা হৈ গৈছে৷ তেওঁলোকে যি ইচ্ছা তাকেই কৰে৷ কিন্তু প’র্টেলসমূহক ৰজা হৈ থাকিবলৈ দিয়া নহ’ব৷ তেওঁলোকে নির্দিষ্ট নীতি–নিয়মৰ মাজেৰেহে চলিব লাগিব৷ বিটিআৰৰ মিত্রজোঁটৰ চৰকাৰৰ এবছৰ পূর্ণ হোৱা উপলক্ষে মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত এক সমাৰোহত উপস্থিত থাকি সাংবাদিকৰ আগত এইদৰে মন্তব্য জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাই৷

তেওঁ কয় যে অৱশ্যে প’র্টেলেহ হওক বা ছেটেলাহট চেনেলেই হওক সকলোৰে বাতৰি প্রকাশৰ স্বাধীনতা আছে৷ কিন্তু বাতৰিৰ নামত যি ইচ্ছা তাকে কৰিবলৈ দিয়া নহ’ব৷ প’র্টেলসমূহৰ ৰেজিষ্ট্রেচন, নিজাববীয়া কার্যালয়, সম্পাদক, সাংবাদিকৰ সকলো তথ্য থাকিব লাগিব৷ সাংবাদিকসকলে মাননি লাভ কৰিছে নে নাই এই সকলো কথা জানিব লাগিব৷ মন্ত্রীগৰাকীয়ে লগতে প’র্টেলসমূহক নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে এখন আইন প্রণয়ন কৰিব বুলি উল্লেখ কৰে যাতে প’র্টেলসমূহে বাতৰিৰ নামত অনাহকত ব্যতিব্যস্ত কৰিব নোৱাৰে, তাৰ ওপৰত চৰকাৰে চকু ৰাখিব বুলিও মন্তব্য কৰে৷

ইফালে, বিটিচি পৰিষদৰ বর্ষপূর্তিত অংশ লৈ বিটিআৰৰ উন্নয়ন সন্দর্ভত মন্ত্রী হাজৰিকাই কয় যে উন্নয়নৰ ক্ষেত্রত বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্রজোঁটৰ চৰকাৰে কেতিয়াও আপোচ নকৰে৷ উন্নয়নৰ পৰা উন্নয়নৰ বাবে বিটিআৰত ৰাইজে প্রমোদ বড়োক বিটিচিপ্রধান পাতিছে৷ বিগত নির্বাচনৰ পূর্বে বিটিআৰ অঞ্চলৰ উন্নয়ন অসমৰ আন অঞ্চলৰ তুলনাত পিছপৰা আছিল৷ অসমৰ বাকী অঞ্চলৰ তুলনাত বিটিআৰৰ বাট–পথৰ অৱস্থা শোচনীয় হোৱাৰ লগতে মথাউৰিবোৰৰ অৱস্থা তথৈবচ আছিল৷ গৰাখহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা নাছিল৷ অসমৰ সকলো ঠাহতে খাদ্য সুৰক্ষা আঁচনিৰ চাউল সঠিকভাৱে পাহছিল যদিও বিটিআৰ অঞ্চলৰ ৰাইজে পোৱা নাছিল৷ অসমৰ আন অঞ্চলৰ লগত বিটিআৰৰ এই বৃহৎ পার্থক্যৰ বাবে দায়ী কোন ৰাইজে জানে৷ পূর্বে বিটিচিখন পিছুৱাহ যোৱাৰ প্রতিযোগিতা চলিছিল, কিন্তু এতিয়া শান্তি আৰু উন্নতিৰ প্রতিযোগিতা চলিছে৷ মন্ত্রীগৰাকীয়ে উন্নয়নৰ ক্ষেত্রত মিত্রজোঁটৰ চৰকাৰে কেতিয়াও আপোচ নকৰে বুলিও মন্তব্য কৰে৷ দুর্নীতি নহয়, বিটিচিৰ ৰাহজক সেৱা কৰিবলৈহে প্রমোদ বড়ো নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ প্রতিজ্ঞাবদ্ধ বুলিও কয়৷ পূর্বতে বিধৱা পেন্সন, বৃদ্ধপেন্সন আদিৰ আঁচনিৰ ধন সময়মতে পোৱা নাছিল৷ প্রমোদ বড়োৰ বাবেহ বিটিআৰ অঞ্চলত কেইবাটাও বড়ো ডগ্রপন্থী সংগঠনে বন্দুক এৰি মূলসুঁতিলৈ ঘূৰি আহি শান্তিৰ বাতাৱৰণ স্থাপন কৰিছে বুলিও মন্ত্রীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সভাত ভাষণ প্রদান কৰি বিটিচিৰ মুৰব্বী প্রমোদ বডোৱে কাহলৈ চৰকাৰীভাৱে বর্ষপূর্তি পালন কৰিব বুলি জানিব দি সকলো কার্যবাহী সদস্যই নিজ নিজ কার্যালয়ত উপস্থিত থাকি প্রতিগৰাকীয়ে সংবাদ মেলযোগে বিভাগীয় কার্যসূচী ঘোষণা কৰিব বুলি কয়৷ পৰৱর্তী সময়ত সকলো কার্যবাহী সদস্যসকলে গাঁৱে গাঁৱে গৈ ৰাহজৰ সৈতে চৰকাৰখনৰ কাম–কাজৰ বিষয়ে আলোচনা কৰিব বুলি ল্লেখ উকৰি অহা ১৮ ডিচেম্বৰত কোকৰাঝাৰত বর্ষপূর্তিৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে৷

মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে বিজেপি–ইউপিপিএল আৰু জিএছপি মিত্রজোঁটৰ চৰকাৰে অহা চাৰি বছৰৰ ভিতৰত বিটিআৰক আগুৱাহ নি ৰাজ্য তথা দেশৰ ভিতৰতে এক সর্বাংগসুন্দৰ অঞ্চল হিচাপে প্রতিষ্ঠা কৰাৰ সংকল্প লোৱা বুলি উল্লেখ কৰে৷ মন্ত্রী উর্খাও গৌৰা ব্রহ্মহ বিগত এটা বছৰত প্রমোদ বডোৰ নেতৃত্বত বিটিআৰ অঞ্চলত শান্তি, প্রগতি আৰু ডন্নয়নৰ ধাৰা প্রৱাহিত হৈছে৷ এই বর্ষপূর্তি সমাৰোহৰ আৰম্ভণিতে পুৱা নিজ নিজ দলীয় পতাকা উত্তোলন কৰে মিত্রজোঁটৰ ক্রমে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুৰব্বী প্রমোদ বডো আৰু জিএছপিৰ উপ–সভাপতি তথা কৃষি বিভাগৰ কার্যবাহী সদস্য ঘনশ্যাম দাসে৷ কার্যবাহী সদস্য ঘনশ্যাম দাসে আদৰণী ভাষণেৰে আৰম্ভ কৰা এই বর্ষপূর্তি সমাৰোহত ইউপিপিএলৰ বিধায়ক ক্রমে লৰেঞ্চ হছলাৰী, জলেন দৈমাৰী, জয়ন্ত বসুমতাৰী, ভূপেন বডো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বডো, কার্যবাহী সদস্য ৰাকেশ ব্রহ্ম, ৰঞ্জিত বসুমতাৰী, ধর্মনাৰায়ণ দাস, নিলুট স্বর্গীয়াৰী, মাধৱ চেত্রী, অর্পণা মেধি, হেমন্ত কুমাৰ ৰাভা, ৰেওৰেৱা নার্জাৰী, গৌতম দাস, উকীল মুছাহাৰী, উইলচন হাসদা, দিগন্ত বৰুৱাকে ধৰি বিটিচি পৰিষদৰ কেইগৰাকী কার্যবাহী সদস্য তথা পাৰিষদ, হডপিপিএলৰ কার্যকৰী সভাপতি ৰণগৌৰা নার্জাৰী, সম্পাদক মুজিব আহমেদ, মহিলা গোটৰ সভানেত্রী বীণা গয়াৰী, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক ৰাম দাহাল, বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শর্মাকে ধৰি বহুকেহজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like