নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখ খানৰ পাঠান ছবিত অসমীয়া যুৱক দিগন্ত হাজৰিকা

  • পৰিয়ালৰ মাজত আনন্দৰ বন্যা
  • পাঠান এখন দেশপ্রেমমূলক ছবি, গেৰুৱা কাৰো ৰং নহয়

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: দেশজুৰি সৃষ্টি হোৱা বিতর্কৰ মাজতে বুধবাৰে মুক্তিলাভ কৰিলে শ্বাহৰুখ খানৰ ছবি ‘পাঠান’৷ তীব্র বিৰোধ–বিতর্ক আৰু বয়কট ট্রেণ্ডৰ মাজতে ছবিগৃহলৈ অহা পাঠান সম্পর্কীয় এক খবৰ অসমৰ বাবে কার্যতঃ ইতিবাচক ৰূপে চিহ্ণিত হৈছে৷ মুক্তিৰ পূর্বে ছুপাৰ হিট হোৱা পাঠানত অভিনয় কৰিছে অসমীয়া যুৱক দিগন্ত হাজৰিকাই৷ আজি দেশৰ লগতে অসমতো পাঠান মুক্তিৰ লগে লগে শ্বাহৰুখ খানৰ সমান্তৰালকৈ চর্চালৈ আহিছে দিগন্ত হাজৰিকাৰ নাম৷ শ্বাহৰুখ খানৰ সহযোগী অভিনেতা হিচাপে পাঠানত ভুমুকি মৰা নগাঁও জিলাৰ পুৰণিগুদামৰ দিগন্ত হাজৰিকাৰ অভিনয়ক লৈ সৃষ্টি হৈছে ব্যাপক চর্চা৷

উল্লেখ্য যে ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰ ‘মহেঞ্জোদাৰো’ ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলোৱা দিগন্ত হাজৰিকাই এই ছবিত ঋত্বিক ৰোছনৰ সৈতে একেলগে কাম কৰিছিল৷ তাৰ পাছত এইবাৰ অসমৰ অভিনেতাজনক দেখা গ’ল শ্বাহৰুখ খানৰ সৈতে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে একেলগে কাম কৰা তথা ছবিত ভুমুকি মৰা খবৰে স্বাভাৱিকতে অসমত প্রতিজন ছবিপ্রেমীক উৎসাহিত কৰি তুলিছে৷

ইফালে, দিগন্ত হাজৰিকাৰ পৰিয়ালৰ মাজতো সৃষ্টি হ’ল আনন্দৰ বন্যা৷ মাতৃয়ে পুত্রৰ এনে উত্তৰণক লৈ  আনন্দ প্রকাশ কৰিলে সংবাদ মাধ্যমৰ আগত৷ ইফালে, পাঠান ছবিখনক লৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভত আজি দিগন্ত হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে পাঠান এখন দেশপ্রেমমূলক ছবি৷ ছবিখন চালেই প্রত্যেকেই ইয়াৰ মূল বিষয়বস্তুটো অনুধাৱন কৰিবলৈ সক্ষম হ’ব৷

আনহাতে, গেৰুৱা ৰঙক লৈ যি বিতর্কৰ সৃষ্টি হৈছে, সেয়া এক ভুল বুজাবুজিৰ ফলত হোৱা বিতর্ক৷ গেৰুৱা ৰং কাৰোৱেই নহয়, এই ৰং সকলোৰে৷ আনহাতে শ্বাহৰুখ খান সন্দর্ভত তেওঁ কয়– বলীউডক দীর্ঘসময় শাসন কৰি ৰখা শ্বাহৰুখ খানৰ সৈতে একেলগে কাম কৰিব পোৱাটো এক সৌভাগ্যৰ কথা৷ সহঃ শিল্পীক তেওঁ যথেষ্ট সহযোগিতা আগবঢ়ায়৷ এনে এগৰাকী ছুপাৰ ষ্টাৰৰ সৈতে কাম কৰাৰ বাবে ভৱিষ্যৎ সময়ত মোৰ যথেষ্ট সহায় হ’ব৷

You might also like