নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০-১২ ফেব্ৰুৱাৰীত ডিমৰীয়া মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী:  10, 11 আৰু 12 ফেব্ৰুৱাৰীত তিনিদিনীয়া এক বৰ্ণঢ্য কাৰ্যসূচীৰে সোণাপুৰ যোগদল কৰ্ছিয়া খেলপথাৰত পোন প্ৰথম বাৰৰ বাবে অনুস্থিত হ’ব ডিমৰীয়াৰ সকলো জাতি জনগোষ্টীৰ সমিলমিলেৰে ডিমৰীয়া মহোৎসৱ ৷ এই সন্দৰ্ভত আজি আয়োজক সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে এই উৎসৱৰ জৰিয়তে ডিমৰীয়াৰ সকলো জাতি জনগোষ্টীৰ কৃষ্টি সংস্কৃতি ,ঐক্য  উৎভাসিত হব ৷ লগতে এই উৎসৱৰ জৰিয়তে  ডিমৰীয়া অঞ্চলৰ ভাষা ,কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত ক্ৰীড়া বিশ্ব দৰৱাৰত পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে সোণাপুৰৰ যোগদলৰ কৰ্ছিয়া খেলপথাৰত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে ডিমৰীয়া মহোৎসৱ। অঞ্চলটোৰ ৰাইজৰ সহযোগত ডিমৰীয়া মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব এই  মহোৎসৱ ৷

সেই উপলক্ষে  সোণাপুৰ টোলগেটৰ নিচেই ওচৰৰ যোগদল কৰ্ছিয়া খেলপথাৰত উৎসৱৰ তীব্ৰ প্ৰস্তুতি চলোৱা  হৈছে ৷ সেয়েহে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱত ৰাইজৰ দিহা-পৰামৰ্শ আৰু সহায় সহযোগ কামনা কৰিছে উদ্যোগতা সকলে।

 

প্ৰেৰক ৰমেশ দাস  সোণাপুৰ

You might also like