নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ দিন ১৭ ঘণ্টা বিজেপিক বিদায়ৰ কাউণ্ট ডাউন আৰম্ভ কংগ্রেছৰ

ৰাজীৱ ভৱনত এলইডি পেনেল উন্মোচন জিতেন্দ্র সিঙৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ নির্বাচনৰ প্রাক্ক্ষণত প্রার্থিত্ব আৰু মিত্রদলৰে আসন বুজাবুজিকেন্দ্রিক সংঘাতত জর্জৰিত কংগ্রেছ এতিয়াও ক্ষমতা দখলৰ স্বপ্ণত বিভোৰ হৈয়ে আছে৷ চৰকাৰ গঠন কৰিলে পাঁচটাকৈ গেৰাণ্টী দিয়া দলটোৱে আজি ৰাজ্যৰ ৩৩খন জিলা কংগ্রেছৰ কার্যালয়ত কাউণ্ট ডাউনৰ এল ই ডি পেনেল উন্মোচন কৰে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱ, সাংসদ আব্দুল খালেককে ধৰি কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত এনে এখন এল ই ডি পেনেল উন্মোচন কৰে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমত দলৰ পর্যবেক্ষক জিতেন্দ্র সিঙে৷ ৰিম’টৰ ছুইচ টিপি দিয়াৰ লগে লগে এল ই ডি পেনেলখনত জিলিকি উঠে ৰঙা আখৰৰ ২৮ঃ১৭ঃ২১ঃ২৪৷ পেনেলখন উন্মোচন কৰি এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে কয় যে ২৮ দিন ১৭ ঘণ্টা আৰু প্রায় ২০ মিনিট পাছত কংগ্রেছে ইতিপূর্বে দিয়া পাঁচটাকৈ গেৰাণ্টী কার্যকৰী হোৱাৰ পথ প্রশস্ত হ’ব৷ ‘কা’ অসমৰ পৰা চিৰদিনলৈ নাইকিয়া হৈ যাব৷ চাহ শ্রমিকৰ মজুৰি বৃদ্ধি হ’ব ৩৬৫ টকালৈ৷ গৃহিণীসকলে প্রতিমাহে ২,০০০ টকাকৈ লাভ কৰিব৷ পাঁচ লাখ চাকৰি প্রদান কৰা হ’ব আৰু ইয়াৰ ৫০ শতাংশ সংৰক্ষিত থাকিব মহিলাৰ বাবে৷ তদুপৰি ২০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়া কৰা হ’ব৷

অসম বচাওক অভিযানে ৰাজ্যৰ প্রায় ৫,০০০ কিলোমিটাৰ এলেকা পৰিভ্রমণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে শীঘ্রে আমাৰ দলৰ নির্বাচনী ঘোষণা–পত্র প্রকাশ পাব৷ জনসাধাৰণৰ মতামত লৈ এই নির্বাচনী ঘোষণা–পত্রখন প্রস্তুত কৰা হৈছে৷ সেয়েহে ই কেৱল কংগ্রেছ দলৰে ঘোষণা–পত্র নহয়, অসমৰ জনসাধাৰণৰ ঘোষণা–পত্র৷ আমি ৰাজীৱ ভৱনত বহি অসমৰ ৰাইজক পাঁচটাকৈ গেৰাণ্টী দিয়া নাই৷ অসমৰ জনসাধাৰণৰ মতামত লৈহে এই গেৰাণ্টী দিয়া হৈছে৷ এল ই ডি পেনেলত দেখিবলৈ পোৱা সময় বিজেপি নেতৃত্বাধীন চৰকাৰক বিদায় দিয়াৰ কাউণ্ট ডাউন বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে চৰকাৰখনৰ প্রকৃত চেহেৰা পোহৰলৈ আহিছে৷ দলত শেহতীয়াকৈ উদ্ভৱ হোৱা প্রার্থিত্বকেন্দ্রিক সংঘাত বিশেষকৈ বহু যোগ্য নেতাই প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি তেওঁ কয় যে স্ক্রীনিং কমিটীয়ে ব্লক কংগ্রেছ আৰু জিলা কংগ্রেছৰ সভাপতিসকলৰ মতামত গ্রহণ কৰিছে৷ তদুপৰি অৰাজনৈতিক ব্যক্তিসকলৰো মতামত লোৱা হৈছে৷

তাৰ পাছতহে দলীয় প্রার্থিত্ব চূড়ান্ত কৰা হৈছে৷ ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে ৬৮৯জন প্রার্থিত্বপ্রত্যাশীয়ে আবেদন দাখিল কৰিছিল৷ সকলোকে প্রার্থিত্ব প্রদান কৰাটো সম্ভৱ নহয়৷ হয়তো প্রার্থিত্ব নাপাই একাংশই অসন্তুষ্ট হৈছে৷ এইটো আমাৰ পৰিয়ালৰ বিষয়, আমি তেওঁলোকক বুজাম৷ ইফালে আজি উন্মোচন কৰা এল ই ডি পেনেল সন্দর্ভত কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মাই কয় যে এই পেনেলে বলিষ্ঠভাৱে সোঁৱৰাই দিব– পাঁচ গেৰাণ্ঢী ফলপ্রসূ হ’বলৈ মাত্র কেইদিনমানহে বাকী আছে৷ কংগ্রেছে অসমত চৰকাৰ গঠন কৰিব৷ বিজেপিৰ ৰাজনীতিক বিদায় দিয়াৰ কাউণ্ট ডাউনৰ মূহূর্তসমূহ এই এল ই ডি পেনেলে ৰাইজৰ মাজলৈ লৈ যাব৷ তদুপৰি প্রদেশ কংগ্রেছে প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৪৭ সমষ্টিৰ ভিতৰত ৪৩টা নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাকী চাৰিখন আসন মহাজোঁটৰ অংশীদাৰ দলক এৰি দিয়া বুলি প্রকাশ কৰিছে৷ সেই অনুসৰি বিহালীত চিপিআই (এমএল), বোকাখাতত আঞ্চলিক গণ মর্চা, ধিঙত এআইইউডিএফ আৰু তিনিচুকীয়াত ৰাষ্ট্রীয় জনতা দলে প্রতিদ্বন্দ্বিতা কৰিব৷

You might also like