নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৯সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ ব্যাপক প্রস্তুতি

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ: অহা তিনি ছেপ্টেম্বৰত বিভিন্ন কার্যসূচীৰে গুৱাহাটীত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’ব ৩৯সংখ্যক অভিৰুচি ক্রীড়া দিৱস৷ প্রতিবছৰে অসমৰ প্রথমগৰাকী অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত এই দিৱস ৰাজ্যজুৰি পালন কৰা হয়৷ সেই উপলক্ষে সেইদিনা পুৱা ৬.১৫ বজাত চানমাৰি উৰণীয় সেতুৰ পৰা আৰ জি বৰুৱা ক্রীড়া প্রকল্পলৈ সামূহিক দৌৰ আৰু ৯.৩০ বজাত আন্তঃশিক্ষানুষ্ঠান পিটি আৰু দলীয় নৃত্য প্রতিযোগিতা, ৪ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ক্রীড়া কুইজ আৰু বিয়লি ৪ বজাৰ পৰা তৰুণৰাম ফুকন আন্তঃদ্বাৰ ষ্টেডিয়ামত হ’বলগীয়া সভাত ক্রীড়াৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনাব৷ এইবাৰ অভিৰুচি ক্রীড়া দিৱসলৈ স্প’নছৰ আগবঢ়াইছে অইল ইণ্ডিয়া লিমিটেড, অ’এনজিচি, এনআৰএল, এছবিআই, অসম ৰুফিং লিমিটেড, ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ লগতে অসম ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু এছএলএচিয়ে৷

You might also like