নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মাহত জিডিপি বৃদ্ধি ১৩.৫ শতাংশ

নিয়মীয়া বাৰ্তা, ১ চেপ্তেম্বৰ: চলিত বিত্তীয় বর্ষৰ প্রথম তিনি মাহত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ১৩.৫ শতাংশ৷ কেন্দ্রৰ তৰফৰ পৰা কালি প্রকাশিত প্রতিবেদনত এই তথ্য সদৰী হৈছে৷ কিন্তু এই বৃদ্ধিৰ হাৰ ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ৰ পূর্বাভাসতকৈ যথেষ্ট কম৷ চলিত মাহৰ আৰম্ভণিতে কেন্দ্রীয় বেংকৰ অর্থনৈতিক নীতি কমিটীৰ বৈঠকৰ পিছত জনোৱা হৈছিল যে এপ্রিল–জুনত বৃদ্ধিৰ হাৰ ১৬.২ শতাংশ হ’ব৷ বাস্তৱত দেখিবলৈ পোৱা গৈছে– ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনি মাহত জিডিপি বৃদ্ধিৰ হাৰ আছিল ২০.১ শতাংশ৷ আনফালে, যোৱা আর্থিক বছৰৰ অন্তিম ৩ মাহত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.১ শতাংশ৷ কেন্দ্রৰ তথ্য অনুসৰি, ৰিয়েল জিডিপি ২০২২–২৩ৰ প্রথম তিনি মাহত ৩৬.৮৫ লাখ কোটি টকা স্পর্শ কৰিব বুলি অনুমান কৰা হৈছে৷

You might also like