নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া–ইউক্রেইনৰ বাবেই অসমত বৃদ্ধি হৈছে বিজুলী মাচুল

  •  ইন্ধনৰ দাম বৃদ্ধিত প্রভাৱ পৰিছে শক্তিখণ্ডত
  • মাচুল বৃদ্ধিৰ বিৰুদ্ধে আজি আছুৰ প্রতিবাদী কার্যসূচী

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: সাধাৰণ ৰাইজক মাধমাৰ শোধাই এপিডিচিএলে শেহতীয়াকৈ পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ এপিডিচিএলৰ খৰচৰ বোজা হ্রাস কৰাৰ লক্ষ্যৰে যোৱা তিনি মাহৰ ভিতৰত প্রতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে গ্রহণ কৰা সিদ্ধান্তক লৈ উপভোক্তাৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাই নহয়, বিদ্যুৎ বিতৰক কোম্পানীটোৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী লোৱাৰো সিদ্ধান্ত গ্রহণ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ এনে পৰিস্থিতিৰ মাজতে শক্তিমন্ত্রী নন্দিতা গার্লোছাই মাচুল বৃদ্ধিৰ কাৰণ হিচাপে আগবঢ়োৱা এক বক্তব্যই উপভোক্তাক স্তম্ভিত কৰি তুলিছে৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত শক্তিমন্ত্রীগৰাকীয়ে   এই বুলি উল্লেখ কৰে যে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ বাবেই বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে৷ এই বক্তব্যৰ ব্যাখ্যা দাঙি ধৰি মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাছিয়া–ইউক্রেইনৰ মাজত চলা যুদ্ধৰ ফলত ইন্ধনজাত সামগ্রীৰ ব্যাপক হাৰত দাম বৃদ্ধি হৈছে৷ ইন্ধনৰ এই দাম বৃদ্ধিৰ প্রভাৱ পৰিছে শক্তি খণ্ডত৷ যাৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলগা হৈছে৷

মন কৰিবলগীয়া যে শক্তিমন্ত্রীগৰাকীৰ এনে যুক্তিৰ বিপৰীতে কিন্তু এপিডিচিএলে মাচুল বৃদ্ধিৰ কাৰণ আন ধৰণেহে উল্লেখ কৰিছে৷ বিগত সময়ছোৱাত ৰাজ্যখনত এপিডিচিএলে যোগান ধৰা বিদ্যুতৰ মাচুল সঠিকভাৱে আদায় নোহোৱাৰ ফলত লোকচানৰ সন্মুখীন হৈছে শক্তি বিতৰণ কোম্পানীটো৷ যাৰ বাবে এপিডিচিএলে মাচুল বৃদ্ধিৰে এই জোৰা মাৰিবলগা হৈছে৷ এপিডিচিএলৰ এনে মাচুল বৃদ্ধিৰ কাৰণৰ বিপৰীতে শক্তিমন্ত্রীয়ে দাঙি ধৰা কাৰণে স্বাভাৱিকতে উপভোক্তাৰ মাজত সৃষ্টি কৰিছে প্রতিক্রিয়াৰ৷

ইফালে, পুনৰবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আজিৰে পৰা সদৌ অসম ছাত্র সন্থা (আছু)ই শক্তি বিভাগৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণৰ হুংকাৰ দিছে৷

You might also like