নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত আজি অস্কাৰ বিজয়ী এ আৰ ৰহমানৰ সংগীতৰ যাদু

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: অগণিত সংগীতপ্রেমীৰ উৎকণ্ঠাৰ ওৰ পেলাই সংগীত পৰিৱেশনৰ বাবে প্রথমবাৰলৈ গুৱাহাটীত আহি উপস্থিত হ’ল সংগীত সম্রাট অস্কাৰ বিজয়ী শিল্পী এ আৰ ৰহমান৷ উত্তৰ–পূবৰ সর্ববৃহৎ সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ উদ্যোগত আজি বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উত্তৰ–পূর্বাঞ্চলৰ বৃহৎ সংগীত মহোৎসৱ ‘এ আৰ ৰহমান কনচার্ট ফৰ পীচ’ত হাজাৰ হাজাৰ সংগীতানুৰাগীক সংগীতৰ মায়াজালেৰে মুহিব বিশ্ববিশ্রুত শিল্পীজনে৷ কালি পুৱা প্রায় ৮ বজাত গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত আহি উপস্থিত হোৱা শিল্পীগৰাকীক বিপুল আদৰণি জনোৱা হয়৷

অসমত প্রথমবাৰলৈ সংগীত পৰিৱেশন কৰিবলৈ আহি অত্যন্ত উৎকণ্ঠিত বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়– অসমবাসীয়ে বহু মৰম দিছে৷ বৰঝাৰৰ পৰা পোনে পোনে আহি খানাপাৰাৰ হোটেল তাজ ভিভাণ্টাত উপস্থিত হোৱা শিল্পীগৰাকীক সোধা হৈছিল অসমবাসীয়ে আপোনাৰ পৰা কাইলৈ কি ধৰণৰ বিশেষ উপহাৰ পাব? সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ মাথোঁ মিচিকিয়াই ক’লে– ‘সংগীত’৷

উল্লেখ্য যে অস্কাৰ বিজয়ী শিল্পীগৰাকীৰ এই বহুচর্চিত অনুষ্ঠানক লৈ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লগতে সমগ্র দেশৰে সংগীতপ্রেমীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে৷ শিল্পীগৰাকীৰ অনুষ্ঠানৰ বাবে এতিয়া সম্পূর্ণৰূপে সাজু হৈ উঠিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে জনোৱা মতে বিয়লি তিনি বজাত সংগীতপ্রেমী ৰাইজৰ প্রৱেশৰ বাবে ষ্টেডিয়ামৰ গেট মুকলি কৰা হ’ব৷ টিকটৰ কেটেগৰী অনুযায়ী মুঠ পাঁচখন গেটেৰে ৰাইজে ভিতৰত প্রৱেশ কৰিব পাৰিব৷

আজি অনুষ্ঠান উপলক্ষে যান–বাহনৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি বিয়লি তিনি বজাৰ পৰা নিশা ১১.৩০ বজালৈ এ কে আজাদ ৰোডৰ লখৰাৰ পৰা চাইকেল ফেক্টৰীলৈ সকলো বাহনৰ চলাচল বন্ধ ৰখা হ’ব বুলি যান–বাহন আৰক্ষীয়ে জনাইছে৷ উল্লেখ্য যে বৃহৎ সংগীত মহোৎসৱটোত প্রায় ৪০ হাজাৰ সংগীতপ্রেমীৰ সমাগম হ’ব৷ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সংগীতৰ মূর্ছনাত মায়াময় হৈ পৰিব বর্ষাপাৰা৷ উজলি উঠিব গুৱাহাটী মহানগৰীও৷

You might also like