নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৰাজধানীত “বিহু বিনন্দীয়া”ৰ প্ৰচাৰৰ চমকঃ বাছষ্টেণ্ড, মেট্ৰ’ ষ্টেচন, বিমানবন্দৰত বিহুৰ হ’র্ডিং–বেনাৰ

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ পাছত এতিয়া দিল্লীৰ অলিয়ে–গলিয়ে বিহু বিহু লগা পৰিৱেশ৷ বাছষ্টেণ্ড, মেট্ৰ’ ৰে’ল, মেট্ৰ’ ষ্টেচন, বিমানবন্দৰ চৌহদ আদি বিহুৰ হ’র্ডিং–বেনাৰ, বিলব’র্ডেৰে ভৰি পৰিছে৷ য’লৈকে যায় তাতেই ১৪ এপ্রিলত গুৱাহাটীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ‘বিহু বিনন্দীয়া’ৰ আমন্ত্রণী গোহাৰি৷ ৰাজ্যৰ পর্যটন বিভাগে দিল্লীৰ ৩৪টাকৈ প্রমুখ বাছষ্টেণ্ডত হ’র্ডিং লগোৱাৰ উপৰি দিল্লী মেড্র’ৰ ব্লু আৰু ইয়েলো লাইনত চলা দুখনকৈ মেড্র’ ড্রেইনক সম্পূর্ণৰূপে সজাই তোলা হৈছে ‘বিহু বিনন্দীয়া’ৰ হ’র্ডিঙেৰে৷ ইয়াৰ উপৰি দিল্লী বিমানবন্দৰৰ তিনিওটা টার্মিনেলত লগোৱা হৈছে হ’র্ডিং, বিলব’ড৷ আনকি, বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তো সকলোৰে চকুত পৰাকৈ লগোৱা হৈছে বৃহৎ বৃহৎ হ’র্ডিং৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাই এই কথা প্রকাশ কৰিছ৷

উল্লেখ্য যে ১১,১৪০গৰাকী শিল্পীয়ে একেলগে বিহু প্রদর্শন কৰি গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ প্রয়াস হাতত লৈছে অসম চৰকাৰে৷ কেৱল দিল্লীতে নহয়, মুম্বাই আৰু কলকাতাৰ প্রমুখ প্রমুখ স্থানত দিল্লীৰ দৰেই চলোৱা হৈছে ‘বিহু বিনন্দীয়া’ অনুষ্ঠানৰ প্রচাৰ অভিযান৷ লক্ষণীয়ভাৱে দিল্লীৰ ৰাস্তা–ঘাটত প্রদর্শিত বিহুৰ হ’র্ডিং–পোষ্টাৰসমূহে দিল্লীবাসীক উৎসুক কৰি তোলা পৰিলক্ষিত হৈছে৷ ‘বিহু বিনন্দীয়া’ৰ হ’র্ডিং থকা কৃষি ভৱনৰ বাছষ্টেণ্ডত ৰৈ থকা সুৰেন্দ্র যাদৱে এই প্রতিবেদকৰ আগত নিজৰ উৎসুকতা ব্যক্ত কৰি কয়– অসমৰ বিহুৰ বিষয়ে মই বৰকৈ জনা নাছিলোঁ৷ মোৰ ক্লাছ ফাইভত পঢ়ি থকা মোৰ ল’ৰাটোৰ মুখত শুনিছিলোঁ আমাৰ উত্তৰ ভাৰতত পালন কৰা ‘বৈশাখী’ৰ সৈতে একে দিনাই অসমৰ বিহু পালন কৰা হয়৷ সিহঁতক হেনো স্কুলত শিক্ষকে শিকাইছে৷ এতিয়া মই নিজেই এই বেনাৰ দেখি গুগলত বিহুৰ বিষয়ত ছার্চ কৰি বহু কথা জানিব পাৰিলোঁ৷

You might also like