নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যপাল জগদীশ মুখীৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক

নিয়মীয়াবাৰ্তা, ৪ ফেব্ৰুৱাৰী: অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এদিনীয়া ভ্ৰমণ সূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হয়। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে পোন প্ৰথমে তিনিচুকীয়াৰ হোটেল ডি মিৰানাত সৰ্বভাৰতীয় নিৰ্মাতা সংগঠনৰ (অসম ৰাজ্যিক পৰিষদ) হীৰক জয়ন্তী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে এখনি পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপাল গৰাকীয়ে জিলাখনত ৰূপায়ন হৈ থকা আচঁনিৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে অৰ্থনৈতিক বিকাশৰ বাবে কৃষি ক্ষেত্রৰ উত্তোৰন অতিশয় জৰুৰী বুলি উল্লেখ কৰি জিলাখনত কৃষি ক্ষেত্রৰ বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। জিলাখনত কৃষি ভূমি বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে সমন্বিত কৃষিৰ বাবে উৎসাহ যোগাবৰ বাবে সংশ্লিষ্ট বিভাগক পৰামৰ্শ আগবঢ়ায়। ৰাজ্যপালগৰাকীয়ে জিলাখনত জলজীৱন মিছনৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰে। চৰকাৰৰ সকলো ধ্বজাবাহী আঁচনিৰ সফলতাপূৰ্বক ৰূপায়নৰ বাবে জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক নিয়মিত নিৰীক্ষণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে। ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়া বৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয়।

প্ৰেৰক: সুৰজ দাস

You might also like