নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিশেষ প্ৰবোধন কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : কালি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ উদ্যোগত ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এক বিশেষ প্ৰবোধন কাৰ্য্যসূচী। কালি বিয়লি আয়োজিত সেই অনুষ্ঠানত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক এ. গোপালকৃষ্ণণে “ৰাষ্ট্ৰীয় সুৰক্ষা, সীমা সুৰক্ষা আৰু নাগৰিকৰ কৰ্তৱ্য” শীৰ্ষক বিষয়ৰ ওপৰত ৰখা এক মনোজ্ঞ বক্তব্যই উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। অতিথি সকলৰ পৰিচয় পৰ্ব আৰু সম্বৰ্ধনা কাৰ্যসূচীৰে আৰম্ভ হোৱা কালিৰ প্ৰবোধন কাৰ্যসূচীৰ বাবে আয়োজিত সভাখন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডঃ প্ৰতিমা নিয়োগীৰ সভাপতিত্বত অনুষ্ঠিত হয়। নিজৰ ভাষণত ডঃ নিয়োগীয়ে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দেৱাশীষ দত্ত, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ গুণজিৎ দাস, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ আৰু জিলা কমিটিৰ কাৰ্য্যকৰ্তা, কেইবাগৰাকী মান্যগণ্য ব্যক্তি উপস্থিত থকা যোৱাকালিৰ সেই প্ৰবোধন কাৰ্য্যসূচীত চিকিৎসা মহাবিদ্যালয়খনৰ পঢুৱৈকে ধৰি স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ অন্তত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ যোৱাকালিৰ সেই বিশেষ কাৰ্যসূচীৰ সমাপন ঘটে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like