নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বছৰতে বিলুপ্ত ১.০২ লাখ হেক্টৰ কৃষিভূমি

অর্থনীতি–পৰিসংখ্যা সঞ্চালকালয়ৰ উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ কৃষিপ্রধান ৰাজ্য অসমত প্রতিবছৰে সংকুচিত হ’ব ধৰিছে খেতিমাটি৷ মাত্র চাৰিটা বছৰতে ৰাজ্যখনত ১,০২,০০৫ হেক্টৰ কৃষিভূমি বিলুপ্ত হৈছে৷ ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই অহা কৃষিখণ্ডৰ বাবে এয়া বিবেচিত হৈছে অতি উদ্বেগজনক বিষয় ৰূপে৷ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডই ২০১৫–১৬ৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষত আগবঢ়োৱা অৱদান হ’ল ক্রমে ১৭.৯৭ শতাংশ, ১৭.২৭ শতাংশ, ১৬.৪৪ শতাংশ, ১৫.৬৬ শতাংশ (প্রভিজনেল এষ্টিমেট) আৰু ১৫.০৮ শতাংশ (কুইক এষ্টিমেট)৷ কিন্তু ২০১৬–১৭ৰ পৰা ২০১৯–২০ এই চাৰিটা বিত্তীয় বর্ষতে ৰাজ্যখনত ১,০২,০০৫ হেক্টৰ কৃষিভূমি হ্রাস পাইছে৷ এনেদৰে বৃহৎ পৰিমাণৰ কৃষিভূমি হ্রাস পোৱাৰ ফলত ৰাজ্যৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰাৰ আশংকা প্রকট৷ প্রধানতঃ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম–কাজ বিশেষকৈ নির্মাণকার্যৰ বাবেই এনেদৰে কৃষিভূমি সংকুচিত হৈ আহিছে৷

এক কথাত ক’বলৈ গ’লে এফালে যিদৰে ৰাজ্যখনত উন্নয়নমূলক কাম–কাজ আগবাঢ়ি গৈছে, আনফালে ইয়াৰ পৰিণতিতে হ্রাস পাব ধৰিছে কৃষিভূমি৷ ৰাজ্য চৰকাৰৰ অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ দ্বাৰা প্রকাশিত শেহতীয়া ‘লেণ্ড ইউটিলাইজেচন ষ্টেটিষ্টিক্ছ (প্রভিজনেল)–২০১৯–২০’ৰ তথ্য অনুসৰি ২০১৫–১৬ বিত্তীয় বর্ষত অসমত কৃষিকার্য কৰা ভূমিৰ পৰিমাণ আছিল ২৮,০১,৪৭২ হেক্টৰ৷ কিন্তু ২০১৯–২০ বিত্তীয় বর্ষত এই পৰিমাণ ২৬,৯৯,৪৬৭ হেক্টৰলৈ হ্রাস পায়৷ ২০১৫–১৬ বিত্তীয় বর্ষৰ পাছৰ প্রতিটো বছৰতে ৰাজ্যখনত ক্রমশঃ কমি আহিছে খেতিমাটি৷ অসমত ২০১৬–১৭ বিত্তীয় বর্ষত ২৭,৭৩,৮৫৫ হেক্টৰলৈ কৃষিভূমি হ্রাস পোৱাৰ পাছত পৰৱর্তী বছৰ দুটাত খেতিমাটিৰ পৰিমাণ আছিল ক্রমে ২৭,২২,৫৩০ হেক্টৰ আৰু ২৭,২৩,৪৬৬ হেক্টৰ৷ অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ নতুন ‘লেণ্ড ইউটিলাইজেচন ষ্টেটিষ্টিক্ছ’ প্রকাশ পালে হয়তো

আজিৰ তাৰিখত অসমৰ কৃষিভূমি আৰু কমিব৷ মূলতঃ ৰাজ্যৰ ১৪খন জিলাত এই সময়ছোৱাত খেতিমাটিৰ পৰিমাণ হ্রাস পাইছে৷ ২০১৫–১৬ বিত্তীয় বর্ষত বৰপেটা জিলাত খেতিমাটি ১৩,৭,৪৫৫ হেক্টৰ আছিল যদিও ২০১৯–২০ বিত্তীয় বর্ষত সেয়া হয়গৈ ১৩,৫,৬৮৪ হেক্টৰ৷ সেইদৰে এই সময়ছোৱাত কাছাৰ জিলাত ১,৪০,৩০৩ হেক্টৰৰ পৰা ১,২৫,৪৬০ হেক্টৰ চিৰাং জিলাত ৭৭,৩৩২ হেক্টৰৰ পৰা ৬০,১৯৩ হেক্টৰ গোৱালপাৰা জিলাত ৮০,৫৬৫ হেক্টৰৰ পৰা ৭২,৩৯৪ হেক্টৰ হাইলাকান্দি জিলাত ৫০,৯৬৮ হেক্টৰৰ পৰা ৪৬,০৭৩ হেক্টৰ যোৰহাট জিলাত ১,৪৩,৯৫৯ হেক্টৰৰ পৰা ১,৩৪,০২৩ হেক্টৰ কামৰূপ জিলাত ১,০৭,৫০২ হেক্টৰৰ পৰা ১,০০,২৭৩ হেক্টৰ কামৰূপ (মহানগৰ) জিলাত ৩১,০৯৬ হেক্টৰৰ পৰা ২৮,২৫১ হেক্টৰ কৰিমগঞ্জ জিলাত ৭৪,৬২৮ হেক্টৰৰ পৰা ৬৭,২৮৮ হেক্টৰ লখিমপুৰ জিলাত ১,১২,৬৪৩ হেক্টৰৰ পৰা ৯৪,৭২৫ হেক্টৰ নগাঁও জিলাত ২,১৮,৪৩৯ হেক্টৰৰ পৰা ২,০৫,১২৫ হেক্টৰ নলবাৰী জিলাত ৬৯,৩৫৯ হেক্টৰৰ পৰা ৬৮,৮৪৯ হেক্টৰ শিৱসাগৰ জিলাত ১,৩৮,০৪২ হেক্টৰৰ পৰা ১,৩৪,৮৫৮ হেক্টৰ আৰু শোণিতপুৰ জিলাত ১,৬২,৪৯৬ হেক্টৰৰ পৰা ১,৪৯,০৩৭ হেক্টৰলৈ খেতিমাটি সংকুচিত হৈছে৷

গুৰুত্বপূর্ণ কথাটো হ’ল যে ৰাজ্যত ৩০,৭৬,৯০৯ হেক্টৰ কৃষি উপযোগী মাটি থকা বুলি অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ দ্বাৰা প্রকাশিত শেহতীয়া ‘লেণ্ড ইউটিলাইজেচন ষ্টেটিষ্টিক্ছ–২০১৯–২০’ত উল্লেখ কৰা হৈছে যদিও ইয়াৰে ২৬,৯৯,৪৬৭ হেক্টৰতহে চলি আছে কৃষিকার্য৷ অর্থাৎ ৩,৭৭,৪৪২ হেক্টৰ মাটি কৃষি উপযোগী হোৱাৰ পাছতো কোনোধৰণৰ খেতি কৰা হোৱা নাই৷ তদুপৰি ৰাজ্যৰ বৃহৎ পৰিমাণৰ কৃষিভূমি আজি পর্যন্ত জলসিঞ্চন ব্যৱস্থাই সামৰি ল’ব নোৱাৰিলে৷ চৰকাৰীভাৱে বিভিন্ন আঁচনিৰ নামত বৃহৎ পৰিমাণৰ ধনৰাশি ব্যয় কৰাৰ পাছতো তথা আধুনিক বিজ্ঞান–প্রযুক্তিবিদ্য্ যুগতো অসমৰ কৃষক জনতাই বৰষুণৰ ওপৰতে নির্ভৰ কৰিবলগীয়া হৈছে৷ তথ্য অনুসৰি কৃষিকার্য চলা ২৬,৯৯,৪৬৭ হেক্টৰ ভূমিৰ ভিতৰত মাত্র ৫,৪৭,৪৮১ হেক্টৰ মাটিতহে ব্যৱস্থা আছে জলসিঞ্চনৰ৷ এনে অৱস্থাত কৃষক ৰাইজক সকাহ দিবলৈ চৰকাৰী আঁচনি ৰূপায়ণেৰে বিয়াগোম জলসিঞ্চন বিভাগটোৱে সমুদায় কৃষিভূমিত পানীৰ ব্যৱস্থা কৰিবলৈ কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like