নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ১০ লাখে নাপাব আধাৰৰ সুবিধা

🔹 সদনত মুখ্যমন্ত্রী ড০ শর্মা

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকাত নাম অন্তর্ভুক্ত নোহোৱা ১০ লাখ লোকে লাভ নকৰিব আধাৰ কার্ডৰ সুবিধা৷ কালি বিধানসভাৰ মজিয়াত এই তথ্য সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধায়ক কমালাক্ষ দে’ পুৰকায়স্থই সোধা এটা তৰাচিহ্ণিত প্রশ্ণৰ উত্তৰত প্রশ্নোত্তৰ কালত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে খচৰা এন আৰ চিৰ পিছত উচ্চতম ন্যায়ালয়ে ২৭ লাখ লোকৰ বায়’মেট্রিক্স সংগ্রহ কৰিবলৈ নির্দেশ দিছিল৷ ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰে বায়’মেট্রিক্স সংগ্রহ কৰে৷ ২০১৯ চনৰ ১৩ আগষ্টত এই তথ্যসমূহ সংগ্রহ কৰিবলৈ নির্দেশ দিয়ে৷ সংৰক্ষণ হোৱাৰ পিছত যিসকলৰ নাম এন আৰ চিত সোমাব তেওঁলোকে আধাৰ কার্ড পাব৷ যিসকলৰ নাম অন্তর্ভুক্ত নহ’ব, তেওঁলোকে ন্যায়াধিকৰণৰ ৰায়ৰ পিছত আধাৰ কার্ড পাব৷ এই সিদ্ধান্ত হোৱাৰ পিছত ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চিৰ অধিসূচনা প্রকাশ কৰিব লাগে, যাতে পৰৱর্তী পদক্ষেপ চৰকাৰে গ্রহণ কৰিব পাৰে৷ কিন্তু এইপর্যন্ত ভাৰত চৰকাৰৰ মহাপঞ্জীয়কে আনুষ্ঠানিকভাৱে এন আৰ চি অধিসূচনাৰ জৰিয়তে প্রকাশ কৰা নাই বুলি উল্লেখ কৰি ড০ শর্মাই কয়– ‘আমি জানো যে এন আৰ চি হৈ গ’ল৷ কিন্তু এটা প্রক্রিয়াহে হৈ গ’ল৷ চূড়ান্ত প্রক্রিয়া অনুসৰি এন আৰ চিখন ৰাষ্ট্রপতিৰ অধ্যাদেশত প্রকাশ হ’ব লাগে৷ কিন্তু এতিয়ালৈ অধিসূচনাৰ জৰিয়তে প্রকাশ কৰা হোৱা নাই৷ উচ্চতম ন্যায়ালয়ে লগতে কৈছিল যে তথ্যৰ নিৰাপত্তা সংৰক্ষিত হ’ব লাগে৷ আমাৰ প্রযুক্তিৰে সেয়া কিদৰে সংৰক্ষিত কৰিব পাৰো তাকো আমি ভাৰত চৰকাৰক জনাইছোঁ৷ দুয়োটা বিষয় ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ ইয়াৰ মাজত আমি এখন কেবিনেট কমিটী গঠন কৰিছিলোঁ৷ কমিটীখনে আছুকে ধৰি বিভিন্ন দল–সংগঠনৰ সৈতে আলোচনা কৰি আমাক সিদ্ধান্ত দিছিল৷ সেই অনুসৰি যি মুহূর্তলৈ এন আৰ চি চূড়ান্ত নহয়, অন্ততঃ চূড়ান্ত এন আৰ চিত নাম থকা লোকসকলক আমি আধাৰ কার্ড দিব পাৰোঁ৷ অর্থাৎ ২৭ লাখ লোকৰ ভিতৰত ১৭ লাখ মানুহ আধাৰ কার্ড পোৱাৰ যোগ্য৷ কিন্তু বিষয়টো যেতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যায়, তেতিয়া উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক সকাহ দিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে৷’ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে এখন কার্যালয় স্মাৰক প্রকাশ কৰিছে যদিও বঞ্চিত লোকসকল বিশেষভাৱে উপকৃত হোৱা নাই বুলি তেওঁ প্রকাশ কৰে৷ কিন্তু লাহে লাহে এই সমস্যাটো সমাধানৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ প্রশ্ণটোৰ লিখিত উত্তৰত প্রকাশ কৰা অনুসৰি এন আৰ চি পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে কোনো শপতনামা দাখিল কৰা নাই৷ সমান্তৰালভাৱে প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু হোৱাৰ তথ্যও উত্তৰত উল্লেখ কৰা হৈছে৷ সেই অনুসৰি প্রতীক হাজেলাৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত তিনিখন এজাহাৰ দাখিল কৰা হৈছে৷ লিখিত উত্তৰটোত উল্লেখ কৰা মতে দুটা চর্তৰ ভিত্তিত প্রতীক হাজেলাক স্বেচ্ছামূলক অৱসৰ গ্রহণৰ অনুমতি দিছে ৰাজ্য চৰকাৰে৷ হাজেলাৰ বিৰুদ্ধে চলি থকা নিয়মীয়া তদন্ত আৰু তাৰ ফলত হ’ব পৰা বিভাগীয় ব্যৱস্থাৰ ওপৰত স্বেচ্ছামূলক অৱসৰে কোনো প্রভাৱ নেপেলায় বুলি উত্তৰত কয়৷ সম্প্রতি তেওঁৰ পেন্সনৰ সুবিধাও বন্ধ কৰি ৰখা হৈছে৷ তদুপৰি নির্বাচন বিভাগৰ তথ্য অনুসৰি ৰাজ্যত মুঠ ৯৬,৯৮৭জন ডি ভোটাৰ থকা বুলি উত্তৰত উল্লেখ কৰা হয়৷

You might also like