নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা জব্দ এছ এছ বিৰ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰাজ্যত সম্প্ৰতি বন ধ্বংস কৰি একাংশ দুষ্ট চক্ৰই চলাই গৈছে অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় । সমান্তৰলাকৈ অবৈধ কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে এছ এছ বিয়ে। চিৰাঙৰ বিজনীত আজি পুৱাৰ ভাগত বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা জব্দ কৰে এছ এছ বিয়ে । বিজনীৰ দৈছুংঝাৰত এছ এছ বিৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা। আজি বিজনীৰ ফৰমাইশালীস্থিত ১৫নং বিএন ডেলটা কোম্পানীৰ এটা এছ এছ বিৰ দলে এক গোপন খবৰৰ ভিত্তিত বিজনীৰ দৈছুংঝাৰত অভিযান চলাই ১৬টা আউজাৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে কোনো লোকক আটক কৰিবলৈ‌ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে। পাছত এছএছবিৰ দলটোৱে জব্দকৃত কাঠৰ কুণ্ডাসমূহ বন বিভাগৰ বিজনী ডিপট কাৰ্যালয়ত চমজাই দিয়ে।

 প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like