নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিগমৰ অধীনত নির্মাণ হ’ব ১,০০০ পথ

🔹 জটিয়াৰ নৱনির্মিত অংকুৰ পথ উদ্বোধন
🔹 ৮৪ কোটি টকা ব্যয়েৰে পোহৰাই তুলিব মহানগৰীৰ পথ, উপ-পথ

বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰী : ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি (এছ অ’ পি ডি)ৰ অধীনত ৫৭ লাখ টকা ব্যয়সাপেক্ষে জটিয়াৰ অংকুৰ উপ-পথটো আজি উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ এই উপলক্ষে আগবঢ়োৱা ভাষণত মেয়ৰ শৰণীয়াই কয়- ‘গুৱাহাটী পৌৰ নিগমে বৃহত্তৰ গুৱাহাটীৰ উন্নয়নৰ বাবে ৬০টা ৱার্ডত বিভিন্ন উন্নয়নমূলক কাম হাতত লৈছে৷ ইতিমধ্যে প্রতিটো ৱার্ডক ১ কোটিকৈ টকা উন্নয়নমূলক কাম কৰাৰ বাবে আবণ্টন দিয়া হৈছে৷ ৬০টা ৱার্ডত এই ধনেৰে প্রায় ৪০০টা পথ নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ ইফালে, এছঅ’পিডিৰ অধীনত গুৱাহাটী মহানগৰীত ৩৯২টা পথ নির্মাণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনৰ সময়ত প্রতিটো ৱার্ডৰ উন্নয়নৰ বাবে ১০ কোটি টকাকৈ দিয়াৰ প্রতিশ্রুতি দিছিল৷ ইয়াৰে প্রথমবাৰৰ বাবে ৫ কোটিকৈ টকা আমি লাভ কৰিছোঁ৷ ইয়াৰ অধীনত প্রতিটো ৱার্ডত ৫টাকৈ ডাঙৰ পথ নির্মাণ কৰা হ’ব৷ ইতিমধ্যে ইয়াৰ নিবিদা সম্পূর্ণ হৈছে আৰু চলিত মাহৰ শেষভাগত আধাৰশিলা স্থাপনৰ পাছতে কাম আৰম্ভ হ’ব৷ তেওঁ লগতে কয়- পঞ্চদশ বিত্ত আয়োগৰ অধীনত ৩৯২, এছঅ’পিডিৰ ৪০০ আৰু লোকনির্মাণ বিভাগৰ অধীনত ৩০০ পথকে ধৰি ১০০০ৰো অধিক পথ গুৱাহাটী পৌৰ নিগমৰ অধীনত নির্মাণ হ’ব৷ জাইকাৰ পানী যোগান সন্দর্ভত মেয়ৰগৰাকীয়ে কয় যে কোম্পানীটোৱে চলিত বছৰৰ এপ্রিলৰ ভিতৰত পাইপ সংস্থাপনৰ কাম সম্পূর্ণ কৰাৰ প্রতিশ্রুতি দিছে৷ সময়ত কাম হ’লে জটিয়াবাসীয়ে জুন–জুলাই মাহত পানী পোৱাৰ আশা আছে বুলিও তেওঁ উল্লেখ কৰে৷ তদুপৰি ৮৪ কোটি টকা ব্যয়েৰে মহানগৰীৰ পথ, উপ-পথ পোহৰাই তুলিব বুলিও তেওঁ জানিবলৈ দিয়ে। পৌৰ নিগমৰ পঞ্চম সংমণ্ডলৰ কার্যবাহী অভিযন্তা হিৰণ্য হাজৰিকা আৰু কনিষ্ঠ অভিযন্তা পৰশমণি ৰাজখোৱাৰ উপস্থিতিত তেওঁ কয়- গুৱাহাটী পৌৰ নিগমে প্রতিটো ৱার্ডত সামূহিক প্রেক্ষাগৃহ, ৰাজহুৱা শ্মশান আৰু ৰাজহুৱা শৌচাগাৰ নির্মাণৰ কাম কৰি আছে৷ অনুষ্ঠানত অংশগ্রহণ কৰি ৪১নং ৱার্ডৰ কাউন্সিলৰ বাসন্তী কলিতা দুৱৰাই আটকধুনীয়া পথটোৰ বাবে সকলোকে অভিনন্দন জনায় আৰু নিজৰ ঘৰৰ চোতালখনৰ দৰে পথটো চোৱাচিতা কৰাৰ লগতে চাফ-চিকুণকৈ ৰখাৰ আহ্বান জনায়৷ অনুষ্ঠানত অংকুৰ পথৰ অর্ধশতাধিক লোক উপস্থিত থাকে৷

You might also like