নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নেটবল প্ৰতিযোগিতাঃ লখিমপুৰ, চৰাইদেউ, গোলাঘাট, গুৱাহাটীৰ জয়

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ যোৰহাট জিলা নেটবল সন্থাৰ উদ্যোগত আৰু নেটবল সন্থা অসমৰ তত্বাৱধানত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত আজিৰে পৰা দিবা নৈশ আন্তঃজিলা জুনিয়’ৰ আৰু ছাব জুনিয়’ৰ নেটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি বিয়লি প্ৰতিযোগিতাখনি উদ্বোধন কৰে। ইয়াৰ পূৰ্বে নেটবল সন্থা অসম, যোৰহাট জিলা নেটবল সন্থা আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰাম, যোৰহাট জিলা নেটবল সন্থাৰ সভাপতি নেকিবুল ইছলাম আৰু উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে দাতা পৰিয়ালৰ প্ৰশান্ত মোহন আৰু ৰাতুল মনি মহন্তৰ লগতে নেটবল সন্থাৰ চিত্ৰকমল বৰা আৰু দিলীপ চাহুৱে। খেলুৱৈসকলক শপত বাক্য পাঠ কৰোৱায় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় নেটবল খেলুৱৈ ঝৰ্ণা দেৱনাথে। অংশগ্ৰহণকাৰী প্ৰায় কুৰিখন জিলাৰ খেলুৱৈ, প্ৰতিযোগিতাৰ টেকনিকেল অফিচিয়েল আৰু মৰিয়নি মহাবিদ্যালয়ৰ এন চি চি গোটে মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰে আৰু অতিথিসকলে অভিবাদন গ্ৰহণ কৰে। উদযাপন সমিতিৰ সম্পাদক দ্বীপেন দাসে আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলকৰ লগতে নেটবল সন্থা অসমৰ উপ-সভাপতি প্ৰবীন কুমাৰ বৈশ্য, যুটীয়া সম্পাদক পিকলু ৰয়, যোৰহাট জিলা নেটবল সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি মুকুল বৰুৱা, যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ড° হৰেন গোৱালা, ক্ৰীড়া সংগঠক বিপুল শইকীয়া, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, জ্যেষ্ঠ ব্যক্তি ধীৰেন্দ্ৰনাথ দত্ত, প্ৰধান শিক্ষক অশোক কুমাৰ ভগত, প্ৰাক্তন ৰাজ্যিক হেণ্ডবল খেলুৱৈ- প্ৰধান শিক্ষয়িত্ৰী ববীনা তাঁ‌তী, ৰমেন চেতিয়া আদিক আদৰণি জনোৱা হয়। এই অনুষ্ঠানতে শিৱসাগৰৰ কণমানি খেলুৱৈ তথা ভাস্কৰ্য শিল্পী মনোজ দুৱৰাই কাঠত খোদিত কৰি নিৰ্মাণ কৰি ওলিওৱা এটা স্মাৰক নেটবল সন্থা অসমৰ নেতৃত্বৰ লগতে যোৰহাট জিলাৰ উপায়ুক্তৰ হাতত অৰ্পন কৰে। আনহাতে, আজি নৈশালোকত কেইবাখনো খেল অনুষ্ঠিত হয়। নেটবল সন্থা অসমৰ সম্পাদক বিৰজু ৰামে জানিবলৈ দিয়া মতে, বাতৰি লিখাৰ পৰলৈকে ছাব-জুনিয়’ৰ শাখাত লক্ষীমপুৰে ঘৰুৱা দল যোৰহাটক ৯-৩ গ’লত, চৰাইদেৱে গোলাঘাটক ১১ – ৭ গ’লত, গুৱাহাটীয়ে ধেমাজীক শোচনীয়ভাৱে ১৭-১ গ’লত, চৰাইদেৱে গুৱাহাটীক ১৩-৬ গ’লত পৰাজিত কৰি লীগৰ পইন্ট অৰ্জন কৰে। আনহাতে, কামৰূপ মহানগৰ দলৰ অনুপস্থিতিত যোৰহাটে আৰু তামুলপুৰৰ অনুপস্থিতিৰ লক্ষীমপুৰ দলে ৱাক অভাৰ পায়। কাইলৈ পুৱা ৭ বজাৰ পৰা তিনিখন গ্ৰাউণ্ডত খেলসমূহ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like