নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৪ সমষ্টিত ৫০ হাজাৰ ভোটাৰে প্রথমবাৰৰ বাবে কৰিব ভোটদান, মুঠ ১১.৩৭ লাখ ভোটাৰ

নিয়মীয়া বার্তা, ২৮ ফেব্রুৱাৰীঃ নির্বাচনী অধিসূচনা জাৰি কৰাৰ পাছতে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে জিলা প্রশাসন৷ সমাগত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসনেও যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷

কালি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে নির্বাচন আয়োগৰ নীতি–নির্দেশনা অনুসৰি বিধানসভা নির্বাচনৰ প্রস্তুতি সম্পর্কে সংবাদ মাধ্যমক অৱগত কৰে৷ কামৰূপ (ম) জিলাৰ অন্তর্গত ৪টা সমষ্টিৰ সর্বমুঠ ১১,৩৭,৩৭৬গৰাকী ভোটাৰে নির্ণয় কৰিব প্রার্থীৰ ভাগ্য৷

জিলাখনৰ সর্বমুঠ ১,৭০৭টা ভোট কেন্দ্রত ক’ভিড প্রট’কল মানি ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ জিলাখনৰ অন্তর্গত ৫১নং জালুকবাৰী সমষ্টিৰ ২,০২,৪০০ ভোটাৰে ২৯৭টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব৷ ৫২নং দিছপুৰ সমষ্টিত সর্বমুঠ ৪,০৬,৫৫৬জন ভোটাৰে ৬০৭টা ভোট কেন্দ্রত ভোটদান কৰিব৷ ৫৩নং পূব গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৩৬,২৮৯গৰাকী৷

সমষ্টিটোত ৩৫৩টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৯২,১৩১গৰাকী৷ সমষ্টিটোৰ ৪৫০টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ এইবাৰ জিলাখনৰ প্রায় ৫০ হাজাৰ নতুন ভোটাৰে প্রথমবাৰৰ বাবে ভোটদান কৰিব৷ কামৰূপ মহানগৰ জিলা প্রশাসনে নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি ক’ভিড প্রট’কল মানি প্রতিটো ভোটগ্রহণ কেন্দ্রত ১,০০০ ভোটাৰকহে ভোটদান কৰিবলৈ দিব৷

সেয়েহে বিগত নির্বাচনৰ তুলনাত এইবাৰ ভোটকেন্দ্রৰ সংখ্যা বৃদ্ধি কৰিবলগীয়া হৈছে বুলি উপায়ুক্ত পেগুৱে সংবাদ মেলত সদৰী কৰে৷ এহাজাৰতকৈ অধিক ভোট থকা কেন্দ্রসমূহৰ মূল ভোট কেন্দ্রৰ কাষতে অতিৰিক্ত ভোটকেন্দ্রটোত ভোটাৰসকলে ভোটদান কৰিব পাৰিব৷ কামৰূপ (ম) জিলা প্রশাসনে এইবাৰ ১৮টা আদর্শ ভোটকেন্দ্র, ১২০ৰ পৰা ১২৫টা ভোটকেন্দ্র কেৱল মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালনা কৰাৰ কথাও সংবাদ মেলত উপায়ুক্ত পেগুৱে জানিবলৈ দিয়ে৷

নির্বাচনী অধিসূচনা উলংঘা কৰা প্রার্থী আৰু সমর্থকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ ০৩৬১–৩৫১৭৪১২ আৰু ৩৫১৭৪০২ নম্বৰ দুটা মুকলি কৰিছে৷ আজিৰ সংবাদ মেলত উপস্থিত থাকি মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাইজৰ সহায়–সহযোগিতা বিচাৰে৷

You might also like