নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ দিনৰ বাবে কাৰাগাৰলৈ প্রেৰণ ৰাজকন্যাক

মাতাল মডেলক অনৈতিক সুৰক্ষা দিয়া ডাঃ নভনীল বৰুৱাক মাৰাথন জেৰা

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ সান্ধ্য আইন উলংঘা কৰি গুৱাহাটীৰ ৰাজপথত সুৰামত্ত অৱস্থাত গাড়ী চলাই ৮জনকৈ শ্রমিকক মহটিয়াই আহত কৰা মাতাল মডেল ৰাজকন্যা বৰুৱাক প্রেৰণ কৰা হ’ল কেন্দ্রীয় কাৰাগাৰলৈ৷ শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত মডেলগৰাকীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত এক নৈশ পার্টীত অংশগ্রহণ কৰি সান্ধ্য আইন উলংঘাৰে গাড়ী চলাই ৮জনকৈ শ্রমিকক আহত কৰা ৰাজকন্যা বৰুৱাক শাৰীৰিক অসুস্থতা নথকাৰ পাছতো মহানগৰীৰ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত চিকিৎসাধীন কৰোৱাই সুৰক্ষা দিয়া হৈছিল৷ ইয়াৰ পূর্বেই মডেলগৰাকীক আৰক্ষীয়ে থানাৰ পৰা জামিন দিয়াক লৈ সৃষ্টি হোৱা বিতর্কৰ পাছত মুখ্যমন্ত্রীৰ নির্দেশত দিছপুৰ আৰক্ষীয়ে নতুনকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত৷ এই তদন্ত অনুসৰি কালি ৰাজ্য চৰকাৰে গঠন কৰা মেডিকেল ব’র্ডে জি এন আৰ চিলৈ গৈ চিকিৎসা গ্রহণ কৰি থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰিছিল৷ কিন্তু কোনো বিশেষ অসুস্থতা প্রত্যক্ষ নকৰা মেডিকেল ব’র্ডে প্রতিবেদন দাখিলৰ পাছতেই পুনৰ গ্রেপ্তাৰ কৰা হৈছিল ৰাজকন্যা বৰুৱাক৷ গ্রেপ্তাৰৰ পাছতেই কালি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছিল৷ শুকুৰবাৰে আৰক্ষীয়ে পুনৰ ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত নিবিচাৰিলে৷ যাৰ বাবে আদালতে মাতাল মডেলগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বেই আদালতৰ নির্দেশত বাতিল কৰা হৈছিল ৰাজকন্যা বৰুৱাৰ গাড়ী চলোৱা অনুজ্ঞা–পত্র৷ আজি পুনৰ আদালতে এইক্ষেত্রত কাৰাগাৰ কর্তৃপক্ষক কঠোৰ নির্দেশনা দি স্পষ্ট কৰি দিয়ে যে ৰাজকন্যা বৰুৱাক কোনো কাৰণতে বিশেষ আতিথ্য যাতে দিয়া নহয়, কাৰাগাৰত সাধাৰণ কয়দীৰ দৰেই ৰাখিব লাগিব৷

আনহাতে শুকুৰবাৰে আদালতে ৰাজকন্যা বৰুৱাই খুন্দিয়াই আহত কৰা যোছেফ নামৰ লোকজনক সাহায্য প্রদান কৰিবলৈ সমাজ কল্যাণ বিভাগক নির্দেশ দিয়ে৷ শুকুৰবাৰে নিশা মাতাল মডেলগৰাকীয়ে গাড়ীৰে খুন্দিওৱাৰ ফলত দুয়োখন ভৰি হেৰুৱাব লগা হৈছে যোছেফ নামৰ শ্রমিকজনে৷

মন কৰিবলগীয়া যে চাঞ্চল্যকৰ হিট এণ্ড ৰান গোচৰত গ্রেপ্তাৰ হোৱা ৰাজকন্যা বৰুৱাই এগৰাকী আগশাৰীৰ মডেল ৰূপে বহু গণ্য–মান্য তথা ক্ষমতাশালী লোকৰ সৈতে ঘনিষ্ঠতা বজাই ৰাখিছিল৷ কেইবাবাৰো ৰাজপথত সুৰাসক্ত হৈ কাজিয়া কৰাৰ পাছতো ক্ষমতাৰ জোৰেৰে আৰক্ষীৰ হাতৰ পৰা ওলাই আহিছিল এইগৰাকী বিতর্কিত মডেল৷ এক ৰঙীন পৰিৱেশত থাকিবলৈ ভাল পোৱা ৰাজকন্যা বৰুৱাই কালি নিশা কটাবলগীয়া হ’ল দিছপুৰ আৰক্ষী থানাত৷ বৃহস্পতিবাৰে নিশাটো থানাৰ এখন বেঞ্চতে মাত্র এটা গাৰু লৈ কটাবলগীয়া হ’ল৷ বিলাসী হোটেলৰ আহাৰ গ্রহণ কৰি ফুৰা ৰাজকন্যাই কালি নিশা এটা অ’ আৰ এছ, এটা ৰোল খায়েই পাৰ কৰে৷ পৰিয়ালৰ লোকে নিশা আহাৰ যোগান ধৰিছিল যদিও সেই আহাৰ খাব নিবিচৰা ৰাজকন্যাই ৰেষ্টুৰেণ্টৰ কিছু লঘু আহাৰ অনাৰ বাবেহে পৰিয়ালৰ লোকক কয়৷ সেয়া যিয়েই নহওক, নিশা দিছপুৰ আৰক্ষী থানাত কটাই  কেন্দ্রীয় কাৰাগাৰৰ আলহী হোৱা ৰাজকন্যা বৰুৱাই কিদৰে সাধাৰণ কয়দীৰ দৰে দিন অতিবাহিত কৰে, সেয়া লক্ষণীয় হ’ব৷

ইফালে বিতর্কিত মডেলগৰাকীক অনৈতিকভাৱে চিকিৎসালয়ত সুৰক্ষা দি শুকুৰবাৰে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ল জি এন আৰ চিৰ চিকিৎসক নভনীল বৰুৱা, চিকিৎসালয়খনৰ অধীক্ষক সুব্রত ভাগৱতী আৰু প্রশাসনিক বিষয়া সৰোজ সিং৷ উল্লেখ্য যে শুকুৰবাৰে নিশা ৰাজপথত শ্রমিকক খুন্দিয়াই তাণ্ডৱ সৃষ্টি কৰা ৰাজকন্যা বৰুৱাক জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন কৰাই সুৰক্ষা দিয়া ঘটনাক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ কালি আৰক্ষীয়ে জি এন আৰ চি হাস্পতাল কর্তৃপক্ষ আৰু চিকিৎসক ডাঃ নভনীল বৰুৱালৈ জাননী প্রেৰণ কৰি সাক্ষ্যৰ বাবে থানাত হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ আৰক্ষীৰ চমন পোৱাৰ পাছত আজি দিছপুৰ থানাত উপস্থিত হোৱা চিকিৎসক ডাঃ নভনীল বৰুৱাই প্রায় ১২ ঘণ্টাজোৰা জেৰাৰ সন্মুখীন হয়৷ আৰক্ষীয়ে তেওঁৰ ভাষ্য গ্রহণ কৰাৰ পূর্বে চিকিৎসকগৰাকীয়ে সাংবাদিকৰ আগত কয়– মই কাকো সুৰক্ষা দিয়া নাই৷ পূর্বে মোৰ সৈতে চিনাকি নাছিল ৰাজকন্যা বৰুৱাৰ৷ তদুপৰি তেওঁক মই আই চি ইউত ৰখা নাছিলোঁ৷ চিকিৎসকগৰাকীয়ে ইয়াকো কয়– সম্পূর্ণ মেডিকেল এথিক্স মতেই তেওঁৰ চিকিৎসা কৰা হৈছিল৷

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ জি এন আৰ চিৰ আই চি ইউত ভর্তি কৰোৱাৰ পূর্বে ডাঃ নভনীল বৰুৱাৰ সৈতে আৰক্ষীৰ এজন শীর্ষ বিষয়াৰ প্রায় ১১ মিনিটজোৰা ফোনযোগে বার্তালাপ হৈছিল৷ আজি সাক্ষ্যদানত আৰক্ষীৰ আগত এই কথা উল্লেখ কৰে চিকিৎসক বৰুৱাই৷ সাংবাদিকৰ আগত তেওঁ ইয়াকো উল্লেখ কৰে যে জি এন আৰ চিত চিকিৎসা প্রদান কৰা আৰু মেডিকেল ব’র্ডে দিয়া ৰিপ’টকে ধৰি সকলো বিষয় শুদ্ধ৷ তেওঁক আই চি ইউত নহয়, প্রয়োজনীয় চিকিৎসাহে প্রদান কৰা হৈছিল৷ আন এক তথ্য অনুসৰি মডেল ৰাজকন্যা বৰুৱাই ডাঃ নভনীল বৰুৱাক ৱাইটছএপযোগে মেছেজ দি তেওঁক আইচিইউত ভর্তি নকৰিলে জিএনআৰচিৰ ওপৰ মহলৰ পৰা জঁপিয়াই আত্মহত্যাৰো ভাবুকি দিছিল৷ এই মেছেজৰ পিছতে মাতাল মডেল ৰাজকন্যা বৰুৱাক আইচিইউলৈ নিয়া হৈছিল বুলি ডাঃ বৰুৱাই আৰক্ষীক অৱগত কৰিছে৷

মন কৰিবলগীয়া যে আজি জি এন আৰ চি কর্তৃপক্ষ আৰু ডাঃ নভনীল বৰুৱাই আৰক্ষীৰ আগত নিজা বক্তব্যৰে আত্মপক্ষক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে যদিও তদন্তকাৰী বিষয়াই শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিতর্কিত মডেলগৰাকীক অনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি জি এন আৰ চি চিকিৎসালয় আৰু চিকিৎসকৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছে৷ আনহাতে দীঘলীয়া জেৰাৰ অন্তত ডাঃ নভনীল বৰুৱাক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ চিকিৎসকে তেওঁক সম্পূর্ণ সুস্থ থকা বুলি জানিবলৈ দিয়াৰ পাছত আৰক্ষীয়ে ডাঃ বৰুৱাক ঘৰলৈ যাবলৈ দিয়ে আৰু আজি পুনৰ দিছপুৰ থানালৈ ভাষ্য প্রদানৰ বাবে আহিবলৈ নির্দেশ দিয়ে৷

You might also like