নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত অনুপ্রৱেশ দুই শতাধিক চীনা সেনাৰঃ প্রচণ্ড সংঘর্ষ

অসীম বীৰত্বৰে পিএলএক খেদি পঠিয়ালে ভাৰতীয় সেনাই

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ লাডাখৰ এল এ চিৰ সমীপত বর্ধিত চীনা সেনাৰ গতিবিধি প্রতিৰোধ কৰিবলৈ সীমান্তত ভাৰতীয় সেনাই সমৰসজ্জা গঢ়ি তোলাৰ সময়তে অৰুণাচল প্রদেশত অনুপ্রৱেশৰ চেষ্টা চলায় চীনৰ সেনাই৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশৰ আন্তর্জাতিক সীমা অতিক্রম কৰি দুই শতাধিক চীনা সেনাই ভাৰত ভূমিত অনুপ্রৱেশ কৰিবলৈ চেষ্টা চলায় যদিও ভাৰতীয় সেনাই ব্যর্থ কৰে৷ তিব্বতৰ পৰা দুই শতাধিক চীনা সেনাই অৰুণাচল প্রদেশৰ টাৱাং ছেক্টৰত অনুপ্রৱেশ কৰি দখলবিহীন বাংকাৰ ধ্বংস কৰাৰ পৰিকল্পনা কৰে যদিও উক্ত অঞ্চলত পহৰাৰত ভাৰতীয় সেনাই সেই অভিসন্ধি ব্যর্থ কৰাই নহয়, কেইবাজনো চীনা সেনাক আটক কৰে৷ বুমলা আৰু য়াংজেৰ মাজত এল এ চিৰ সমীপত চীনৰ সেনা অনুপ্রৱেশৰ চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই৷ ভাৰতীয় সেনাৰ শক্তিশালী পদক্ষেপত চীনৰ একাংশ সেনা আঁতৰি যায়৷

আনপিনে কেইবাজনো চীনৰ সেনাক আটক কৰি ৰাখে৷ পিছলৈ আটকাধীন চীনা সেনাক স্থানীয় সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ আলোচনামর্মে মুকলি কৰি দিয়ে যদিও পৰিস্থিতি উত্তেজনাময় হৈ আছে৷ ঘটনা সন্দর্ভত ভাৰতীয় সেনাই আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা নাই যদিও ঘটনাটো বিগত সপ্তাহত বুমলা পাছ আৰু য়াংজেৰ মাজত সংঘটিত হৈছে৷

মন কৰিবলগীয়া যে চীনে অৰুণাচল প্রদেশখনক নিজৰ বুলি দাবী কৰি থকাই নহয়, সময়ে সময়ে অৰুণাচল প্রদেশৰ ভূমি বেদখলৰ প্রচেষ্টাও চলাই আহিছে৷ ২০১৬ চনত দুই শতাধিক চীনা সেনাই য়াংজেৰ এল এ চিৰ ভিতৰলৈ সোমাই আহি দখল কৰাৰ চেষ্টা চলাইছিল যদিও কেইঘণ্টামানৰ পাছতেই উক্ত স্থান এৰি চীনা সেনা আঁতৰি গৈছিল৷ গুৰুত্বপূর্ণ যে যোৱা ৩০ আগষ্টত শতাধিক চীনা সেনাই উত্তৰাখণ্ডৰ বাৰাহোটি অঞ্চলত অনুপ্রৱেশ কৰি দলঙৰ লগতে আন্তঃগাঁথনি ধ্বংস কৰি আঁতৰি গৈছিল৷ এই ঘটনাৰ কেইদিনমান পাছতেই পুনৰ চীনা সেনাই অৰুণাচল প্রদেশৰ আন্তর্জাতিক সীমা অতিক্রম কৰি ভাৰত ভূমিত প্রৱেশ কৰি দখলৰ চেষ্টা চলায়৷ অৱশ্যে চীনা সেনাৰ এই অভিসন্ধি ভাৰতীয় সেনাই ব্যর্থ কৰিবলৈ সক্ষম হৈছে৷

অৰুণাচল প্রদেশৰ টাৱাঙৰ প্রতি দশক দশক ধৰি চীনৰ দৃষ্টি আছে৷ এই অঞ্চলটো ভাৰত আৰু চীনৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ ১৯৬২ চনত ভাৰত–চীন যুদ্ধত টাৱাং চীনে দখল কৰে যদিও কিছুদিন পাছত আঁতৰি যায়৷ টাৱাঙক বৃহত্তৰ তিব্বতৰ অংশ হিচাপে দাবী কৰে বেইজিঙে৷ অৰুণাচল প্রদেশক ছাউদার্ন তিব্বত বুলি চীনে মানি আহিছে৷ এনে কাৰণতেই চুবুৰীয়া ৰাষ্ট্রখনে অৰুণাচল প্রদেশৰ সীমান্ত অতিক্রম কৰি অনুপ্রৱেশ কৰাই নহয়, ভাৰত ভূমি দখলৰ অভিসন্ধি চলাই আহিছে৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে লাডাখৰ এল এ চিত দুই দেশৰ সেনাৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে দুয়োখন দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ কেইদিনমানৰ পূর্বে অৰুণাচল প্রদেশৰ ভূমিত চীনা সেনাৰ অনুপ্রৱেশ তাৎপর্যপূর্ণ৷

You might also like