নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটাই

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটাই৷ নিমখৰ পৰা ছফ্টৱেৰ, যান–বাহন খণ্ডলৈকে প্রতিষ্ঠিত কোম্পানী টাটা ছনছে শুকুৰবাৰে নিবিদাত এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰিত্ব লাভ কৰিবলৈ সক্ষম হ’ল৷ স্পাইচ জেটৰ অজয় সিং নেতৃত্বাধীন কনচৰটিয়ামক নিবিদাত পৰাজিত কৰি এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটা ছনছে৷ ৬১,৫৬২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ থকা এয়াৰ ইণ্ডিয়াৰ নিবিদা ১৮ হাজাৰ কোটি টকাত ক্রয় কৰিবলৈ সক্ষম হ’ল টাটাই৷ এয়াৰ ইণ্ডিয়াৰ এশ শতাংশ স্বত্বাধিকাৰী লাভ কৰাৰ উপৰি টাটাই এয়াৰ ইণ্ডিয়া এছএটিএছ এয়াৰপ’ট ছার্ভিচেছ প্রাইভেট লিমিটেডৰ ৫০ শতাংশ শ্বেয়াৰ ক্রয় কৰে৷

উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত কেন্দ্রীয় চৰকাৰে এয়াৰ ইণ্ডিয়াত নির্বিনিয়োগৰ ঘোষণাৰে আগ্রহী কোম্পানীক এয়াৰ ইণ্ডিয়াৰ নিবিদাত অংশগ্রহণৰ বাবে আহ্বান জনায়৷ এই আহ্বানৰ পাছতেই টাটা ছনছ আৰু স্পাইচ জেটৰ লগতে কেইবাটাও বিমান সংস্থাই নিবিদাত অংশগ্রহণ কৰে যদিও চূড়ান্ত দৌৰত টাটা ছনছ আৰু স্পাইচ জেট ৰৈ যায়৷ অৱশেষত  এই নিবিদাৰ ফলাফলত স্পাইচ জেটক অতিক্রম কৰি এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় টাটা ছনছে৷

গুৰুত্বপূর্ণ যে এয়াৰ ইণ্ডিয়াৰ নিবিদাত জয়লাভ কৰাৰ পাছতে ৰতন টাটাই সন্তুষ্টি প্রকাশ কৰিছে৷ কিয়নো এয়াৰ ইণ্ডিয়াৰ প্রকৃত স্বত্বাধিকাৰী আছিল টাটা৷ দেশত অসামৰিক বিমান পৰিবহণৰ বাট মুকলি কৰা টাটা গ্রুপে ১৯৪৬ চনত নিজৰ টাটা এয়াৰলাইনছক ৰাজহুৱা খণ্ডলৈ ৰূপান্তৰিত কৰিছিল৷ যুটীয়া ষ্টক কোম্পানী হিচাপে টাটাই এয়াৰ ইণ্ডিয়া নামকৰণ কৰি ১৯৪৮ চনৰ ৮ জুনত এয়াৰ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ ৰূপত প্রথম ৰাজহুৱা ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰিছিল৷

You might also like