নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু ১৪ টেট শিক্ষকক গ্রেপ্তাৰৰ বাবে বিচাৰি আছে আৰক্ষীয়ে

শিক্ষকৰ জালিয়াতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ জালিয়াতিৰে টেট শিক্ষকৰ চাকৰি লোৱাসকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে মুঠ ৩৬জনে ভুৱা নথিৰে টেট শিক্ষক পদত নিযুক্তি লাভ কৰিছিল৷ ইয়াৰে ২২জনক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে আৰু ১৪জনক গ্রেপ্তাৰ কৰিব লগা আছে৷ তেওঁলোকক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে বিচাৰি আছে৷ গ্রেপ্তাৰৰ পিছত জেৰা কৰিলেই কোনে জালিয়াতি কৰি নথিপত্র দিছিল, কিয় তেনে কাম কৰিছিল, সেই সকলো তথ্য পোহৰলৈ আহিব৷ আনহাতে, চৰকাৰী কার্যালয়ত দালালৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰী কার্যালয়ত এতিয়া দালাল নাই৷ সেইদৰে আসন্ন উপ–নির্বাচন সন্দর্ভত ‘যি হ’ব ভালে হ’ব’ বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

ইপিনে, মুখ্যমন্ত্রী ড০ শর্মাই মঙলবাৰে কার্বি আংলং জিলাৰ দলামৰাৰ লখিমন সংঘৰ ধর্মীয় ঐক্য সমাৰোহত অংশগ্রহণ কৰি কয় যে আধ্যাত্মিক গুৰু লখন ইংতি হেনছেকে মানৱতাৰ বাণী আমাৰ মাজত প্রদান কৰি গৈছিল৷ কার্বি পাহাৰত এইগৰাকী ধর্মগুৰুৱে সামাজিক সংস্কাৰ সাধন কৰি শক্তিশালী ভেটি নির্মাণ কৰি গৈছে৷ গুৰুজনাই আমাক স্বচ্ছতাৰ কথা শিকাই যোৱাৰ উপৰি জ্যেষ্ঠজন আৰু মাতৃভূমিৰ প্রতি ভালপোৱা আৰু আদর্শ প্রতিষ্ঠা কৰি গৈছে৷ এইগৰাকী ধর্মগুৰুৰ আদর্শক আগুৱাই নিয়াৰ বাবে লখিমন সংঘই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ কার্বি সংস্কৃতি আৰু পৰম্পৰাক আগুৱাই নি আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশতো নতুন পথ দেখুৱাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শ্রীকৃষ্ণ হৈছে সনাতন ধর্মৰ মহানায়ক, পুণ্য অৱতাৰ৷ পৰিৱর্তন তথা সংস্কাৰৰ বাবে একো একোগৰাকী গুৰুৰ আৱির্ভাৱ হয়৷ গুৰু লখন ইংতি হেনছেকে দেখুৱাই যোৱা পথেৰে আমি জীৱনৰ বাটত অগ্রসৰ হ’ব লাগিব৷ মানুহৰ অন্তৰৰ অনুভূতিৰ দ্বাৰা ধর্মৰ যি ভাবাৱেগ প্রকাশিত হৈছে, সেই দিশত আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনজাতীয় লোকসকলৰ ধর্ম আৰু পৰম্পৰাই আমাৰ আধ্যাত্মিক আৰু সামাজিক জীৱন শক্তিশালী কৰি তুলিছে৷ জনজাতীয় লোকসকলে সভ্যতা আৰু সংস্কৃতিৰ উন্মেষ আৰু প্রচাৰ সাধন কৰিছিল৷

প্রকৃতিৰ লগত জীয়াই থাকিবলৈ যি জ্ঞানৰ প্রয়োজন সেই জ্ঞান জনজাতীয় লোকসকলেই দেখুৱাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৫ হাজাৰ বছৰ ধৰি জনজাতীয় লোকসকলে প্রকৃতিপ্রেমৰ উজ্জ্বল নিদর্শন দেখুৱাইছে৷ গুৰু লখন ইংতি হেনছেকৰ আৰাধনাস্থলী তথা পাহাৰৰ ওপৰত মন্দিৰ বনোৱাৰ সপোন ৰাজ্য চৰকাৰে সার্থক কৰিব৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্রৰ ক্ষেত্র সহঃ প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাই ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, সাংসদ হৰেনছিং বে’, কেইবাগৰাকী বিধায়ক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like