নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউজিচিৰ নির্দেশনা : এমফিল নহয় এতিয়াৰে পৰা স্বীকৃতিপ্রাপ্ত ডিগ্রী

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ শৈক্ষিক খণ্ডত সংস্কাৰৰ ধাৰা অব্যাহত আছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ পাঠ্যক্রমকে ধৰি বিভিন্ন বিষয়ক লৈ সংস্কাৰৰ সিদ্ধান্ত লোৱাৰ পিছত এইবাৰ এমফিল ডিগ্রী প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এতিয়াৰে পৰা এমফিল স্বীকৃতিপ্রাপ্ত ডিগ্রী নহ’ব৷ বিশ্ববিদ্যালয় অনুদান আয়োগে এক নির্দেশনাযোগে ২০২৩–২৪ শৈক্ষিক বর্ষত এমফিলত নামভর্তি নকৰিবলৈ আহ্বান দিছে৷ কিয়নো এতিয়াৰে পৰা এমফিল স্বীকৃতিপ্রাপ্ত ডিগ্রী নহ’ব৷ কিছুসংখ্যক শিক্ষার্থীয়ে আহ্বানৰ পিছতো বিশ্ববিদ্যালয়ত এমফিল ডিগ্রীত নামভর্তি কৰি আছে৷ ২০২২ চনৰ পৰাই ইউজিচিএ নির্দেশনা যোগে এমফিলৰ স্বীকৃতি বাতিল কৰিছিল যদিও একাংশ শিক্ষার্থীয়ে এই নির্দেশনাক আওকাণ কৰিছে৷ তেনে একাংশ বিশ্ববিদ্যালয়েও এমফিলত নামভর্তি কৰাই আছে৷ আজি ইউজিচিএ সকীয়নিসদৃশ নির্দেশনা জাৰি কৰি কোনো বিশ্ববিদ্যালয়ৰ পৰাই শিক্ষার্থীক এমফিল ডিগ্রী গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ এই নির্দেশনাযোগে ২০২৩–২৪ বর্ষত এমফিলত কোনো শিক্ষার্থীক নামভর্তি নকৰিবলৈ বিশ্ববিদ্যালয়সমূহ সকীয়নি দিছে৷ বিবৃতিত ইউজিচিএ কয় যে কিছুসংখ্যক বিশ্ববিদ্যালয়ে এমফিল পাঠ্যক্রমৰ বাবে নতুনকৈ আবেদন পত্র সংগ্রহ কৰি অহাৰ তথ্য লাভ কৰিছে৷ এই তথ্য লাভ কৰাৰ পিছতে ইউজিচিয়ে সকীয়নিমূলকভাৱে এমফিল স্বীকৃতিপ্রাপ্ত ডিগ্রী নহয় বুলি পুনৰ উল্লেখ কৰি আজি বিবৃতি প্রকাশ কৰিছে৷

You might also like