নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ডত ১৫টা বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰখাবলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। যোৱানিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ৮টা পৰিয়ালৰ ১৫টা বাসগৃহ ভস্মীভূত হয়৷ মাইনুৰ উদ্দিন, চাইদুল ইছলাম, মফিদুল ইছলাম, আইনুল হক, জামাল উদ্দিন, আইজুল হক, জহৰ আলী আৰু মফিজুল ইছলামৰ বাসগৃহ ভস্মীভূত হয়। ৷ অগ্নিকাণ্ড সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷ স্হানীয় ৰাইজ আৰু পলমকৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গৃহসমূহ৷ এই অগ্নিকাণ্ডত ২০-২৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

প্ৰেৰক আবুল কালাম

You might also like