নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ বছৰৰ তলৰ শিক্ষাৰ্থীৰ নামভৰ্তি নহ’ব, কোচিং চেণ্টাৰলৈ গাইড লাইন কেন্দ্ৰৰ

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : কাঠফুলাৰ দৰে বাঢ়ি অহা কোচিং চেণ্টাৰবোৰক নিয়ন্ত্ৰণ কৰাৰ বাবে গাইড লাইন জাৰি কৰিছে কেন্দ্ৰই। কোচিং চেণ্টাৰত নামভৰ্তিৰ বাবে এজন শিক্ষাৰ্থীৰ ন্যূনতম বয়স ১৬ বছৰ হ’ব লাগিব বুলি শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল নম্বৰ আৰু শীৰ্ষ ৰেংকৰ প্ৰলোভন দি আহিছে বিভিন্ন কোচিং চেণ্টাৰে। আনকি দশম মান উত্তীৰ্ণৰ আগতেই ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দি নামভৰ্তি কৰায় বিভিন্ন ব্যয়বহুল কোচিং চেণ্টাৰে। নিজ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কোচিং চেণ্টাৰত নামভৰ্তিৰ বাবে অভিভাৱকসকলৰ মাজতো হাহাকাৰ লাগে। কিন্তু এতিয়াৰ পৰা সেই সকলোবোৰ বন্ধ হ’বলৈ গৈ আছে। কোনো ছাত্ৰ-ছাত্ৰীয়ে ১৬ বছৰৰ পূৰ্বে কোচিং চেণ্টাৰত নামভৰ্তি কৰিব নোৱাৰিব। ১৬ বছৰ বয়সৰ আগতে শিক্ষাৰ্থীয়ে যেনেকৈ নামভৰ্তি কৰিব নোৱাৰিব, তেনেদৰে ন্যূনতম স্নাতক অবিহনে শিক্ষকেও কোচিং চেণ্টাৰত শিক্ষকতাৰ সুযোগ নাপাব। কোচিং চেণ্টাৰসমূহে ন্যূনতম গুণগত মান বজাই ৰাখিব লাগিব, য’ত ছাত্ৰ-ছাত্ৰীসকলক সকলো প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিব লাগিব। ইতিমধ্যে পঞ্জীয়নভুক্ত কোচিং চেণ্টাৰসমূহে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু অৰ্হতা দেখুৱাব লাগিব। তদুপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱাপানী, অনাময় ব্যৱস্থা, সুৰক্ষা– সকলো ব্যৱস্থা থাকিব লাগিব। কোনো চৰ্ত উলংঘা হ’লে পঞ্জীয়ন বাতিল হ’ব পাৰে বুলিও শিক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে।

You might also like