বিশেষ বাৰ্তা, ২৭ জুলাই : অভাৱনীয় গ্রীষ্মপ্রৱাহৰ কবলত পৰা ৰাজ্যত এতিয়া সৃষ্টি হৈছে খৰাংসদৃশ পৰিৱেশ৷ তাপমাত্রা প্রতিদিনে বৃদ্ধি হোৱাৰ ফলত অসহ্যকৰ পৰিৱেশৰ সন্মুখীন হ’ব লগা হৈছে শিক্ষার্থীসকল৷ গ্রীষ্ম বন্ধৰ দিন খোলাৰ সময়তে বিদ্যালয়ত ছাত্র–ছাত্রীসকলে সন্মুখীন হ’ব লগা প্রচণ্ড গৰমক কিদৰে চম্ভালিব, তাক লৈও চিন্তিত চৰকাৰ৷ সেয়েহে গ্রীষ্মৰ পৰিৱেশৰে মোকাবিলা কৰিবলৈ এছঅ’পি আৰু হিট একচন প্লেনৰ চিন্তা–চর্চা চলিছে দিছপুৰত৷ এই লক্ষ্যৰে ৰাজ্য চৰকাৰে ১৮টা বিভাগক গ্রীষ্মৰ পৰিৱেশৰে মোকাবিলা কৰিবলৈ সুকীয়া সুকীয়াকৈ প্রতিবেদন প্রস্তুত কৰাৰ বাবে নির্দেশ দিছে৷
দিছপুৰৰ শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি, শিক্ষা বিভাগ, শক্তি বিভাগ, মহিলা আৰু শিশু উন্নয়ন, অসম জলবায়ু পৰিৱর্তন-ব্যৱস্থা সমিতি, গৃহ আৰু ৰাজনৈতিক, পৰিবহণ, শ্রম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, গৃহ নির্মাণ–নগৰ পৰিক্রমা, পৰিৱেশ আৰু বন, পঞ্চায়ত–গ্রামোন্নয়ন, জলসিঞ্চন, জনস্বাস্থ্য, ক্রীড়া আৰু যুৱ কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ, পশুপালন–পশু চিকিৎসা– এই ১৮টা বিভাগক ৰাজ্যৰ গ্রীষ্মপ্রৱাহ তথা গৰমৰ পৰিৱেশ প্রতিহত কৰাৰ ক্ষেত্রত কি ধৰণৰ পদক্ষেপ ল’ব পাৰি, সেই সন্দর্ভত পৰিকল্পনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়া হৈছে৷ অহা ২৮ জুলাইৰ ভিতৰত বিভাগসমূহে নিজৰ নির্দিষ্ট পৰিকল্পনা দাখিল কৰিব লাগিব৷ এই পৰিকল্পনাসমূহৰ ওপৰতে চলিত মাহতেই ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে এক হিট একচন প্লেন প্রস্তুত কৰিব৷ ইতিমধ্যে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষকো গ্রীষ্মপ্রৱাহৰ সৈতে মোকাবিলা কৰাৰ বাবে সজাগতামূলক পদক্ষেপ লোৱাৰ নির্দেশ দিয়া হৈছে৷
ইফালে, ৰাজ্যিক দুর্যোগ প্রশমন বিভাগে বিদ্যুতৰ সংযোগ নথকা বিদ্যালয়সমূহ চিনাক্ত কৰাৰ বাবে কার্যপন্থা আৰম্ভ কৰিছে৷ শিক্ষা বিভাগৰ পৰা তালিকা সংগ্রহ কৰি ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে শক্তি বিভাগৰ সৈতে এনে বিদ্যালয়সমূহত প্রয়োজনসাপেক্ষে ছ’লাৰ পেনেল স্থাপনৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে বৰষুণৰ অভাৱত ৰাজ্যত প্রতিদিনে বৃদ্ধি পাইছে তাপমান৷ গ্রীষ্মৰ এই সময়ছোৱাত তাপমান যথেষ্ট হ্রাস পাই থাকে যদিও গড়ে ৰাজ্যৰ তাপমান ৩৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে৷ গুৱাহাটী, যোৰহাট, ডিব্রুগড়, শিলচৰকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত যোৱা দুটা দিনৰ তাপমান আছিল ৩৮ ডিগ্রী চেলছিয়াছ৷ গ্রীষ্ম বন্ধ খুলিবলৈ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যত তাপমান বৃদ্ধিৰ এই পৰিৱেশে স্বাভাৱিকতে উদ্বিগ্ণ কৰি তুলিছে অভিভাৱকসকলক৷