নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত অঘটন

🔹 পদপিষ্টৰ ঘটনাত ৬ তীৰ্থযাত্ৰীৰ প্ৰাণহানি

নিউজ ডেস্ক, ২৭ জুলাই : ধৰ্মীয় স্থানত পুনৰ অঘটন। এইবাৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত ভক্তৰ মাজত হোৱা দৌৰা দৌৰিত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে অনেকজন আহত হয়। প্ৰথম অৱস্থাত ধাৰণা কৰা মতে, মন্দিৰৰ ছিৰি বগাই যোৱাৰ সময়তে বিদ্যুৎস্পৃষ্টৰ আতংক বিয়পি পৰে। ফলত ভক্তৰ মাজত আৰম্ভ হয় হুলস্থূলীয়া পৰিৱেশ।

পৱিত্ৰ শাওণ মাহত হৰিদ্বাৰৰ মন্দিৰত সাধাৰণতে আন সময়তকৈ অধিক ভিৰ হয়। এই সময়ত তীৰ্থযাত্ৰীৰ ভিৰ চম্ভালিবলৈ টান হৈ পৰে। দেওবাৰে পুৱাও হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত অস্বাভাৱিক জনসমাগমৰ সৃষ্টি হয়। মন্দিৰটো অলপ পাহাৰৰ ওপৰত অৱস্থিত হেতুকে ছিৰিৰে বগাই যাব লাগে। আজিও অসংখ্য ভক্তই একেলগে ছিৰি বগাবলৈ চেষ্টা কৰিছিল। সেই সময়তে বিদ্যুৎস্পৃষ্ট হোৱাৰ আতংক বিয়পি পৰাত ভক্তৰ মাজত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে পদপিষ্টৰ ঘটনাত ৬জনৰ প্ৰাণহানি হোৱাৰ লগতে বহু তীৰ্থযাত্ৰী আহত হয়।

ঘটনাস্থলীত আৰক্ষী আৰু এন ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। তেওঁ স্থানীয় প্ৰশাসনক ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। তেওঁ ছ’চিয়েল মিডিয়াত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

You might also like