নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
বৃষ ঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব৷ আর্থিকতো চিন্তা৷ প্রেমত শুভ৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷
মিথুন ঃ আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাতো চিন্তা কম যদিও ব্যস্ততা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কর্কট ঃ কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
সিংহ ঃ অধীৰ আগ্রহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক৷ আবেলি কিছু উন্নত৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
কন্যা ঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷ ব্যৱসায়ত মধ্যম ফল পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
তুলা ঃ কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
বৃশ্চিক ঃ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ আর্থিক দিশত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
ধনু ঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যত তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪৷
মকৰ ঃ কর্মক্ষেত্রত কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৮৷
কুম্ভ ঃ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব৷ সুকুমাৰ কলা শিল্পত অনুকূল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
মীন ঃ কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

You might also like