নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ সকলো ষ্টেডিয়ামত নিষিদ্ধ সুৰা

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : ফুটবল বিশ্বকাপ আৰম্ভ হ’বলৈ ৪৮ ঘণ্টা বাকী থকা অৱস্থাতে কাটাৰৰ ৰাজপৰিয়ালে দিয়া এটা নির্দেশে বিপাকত পেলাইছে কাটাৰ বিশ্বকাপৰ আয়োজকসকলক৷ ইয়াক লৈ উদ্বিগ্ণ হৈ পৰিছে ফুটবলৰ মুৰব্বী সংস্থা ফিফাও৷ কাটাৰৰ ৰাজপৰিয়ালৰ দাবী– বিশ্বকাপৰ সকলো ষ্টেডিয়ামত নিষিদ্ধ কৰিব লাগিব সুৰা বা সুৰাজাতীয় পানীয়ৰ বিক্রী৷ ৰাজপৰিয়ালৰ এই দাবী বা নির্দেশ পোনপটীয়াকৈ প্রত্যাখ্যান কৰা সম্ভৱ নহয় বিশ্বকাপৰ আয়োজকৰ৷ আকস্মিকভাৱে অহা এই নির্দেশে আটাইতকৈ চিন্তিত কৰি তুলিছে ফিফাৰ কর্মকর্তাসকলক৷ কাৰণ বিশ্বকাপৰ অন্যতম প্রধান স্প’নছৰ হৈছে এটা বীয়েৰ প্রস্তুতকাৰী সংস্থা৷

ইপিনে, ৰাজ আজ্ঞা পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে আয়োজক সমিতিয়ে৷ ষ্টেডিয়ামসমূহৰ পৰা বীয়েৰ প্রস্তুত কৰা সংস্থাৰ দোকান আঁতৰাই দিয়াৰ বাবে ফিফাৰ ওপৰত চাপ দিছে তেওঁলোকে৷ প্রতিযোগিতা আৰম্ভ হোৱাৰ মাত্র কেইঘণ্টামান পূর্বে আয়োজকসকলৰ এনে অৱস্থানে বিস্মিত কৰিছে ফিফাৰ কর্মকর্তাসকলক৷ ষ্টেডিয়ামসমূহত বীয়েৰ বিক্রী কৰিব নোৱাৰিলে বৃহৎ আর্থিক ক্ষতিৰ সন্মুখীন হ’ব ফিফা৷ কাৰণ বীয়েৰ প্রস্তুতকাৰী সংস্থাটোৱে এইবাৰৰ বিশ্বকাপৰ আটাইতকৈ বৃহৎ স্প’নছৰ৷ কাটাৰৰ ৰজাই এই বিষয়ে একো নক’লেও তেওঁৰ ভাতৃ শ্বেখ জাছিম বিন হামাদ বিন খলিফা আল থানিয়ে বিশ্বকাপৰ ষ্টেডিয়ামসমূহত বীয়েৰ বিক্রীক লৈ আপত্তি কৰিছে৷

উল্লেখ্য যে তেওঁ হৈছে কাটাৰ ফুটবল সংস্থাৰ সভাপতি৷ ৰাজপৰিয়ালৰ আপত্তিৰ কথা জনাৰ পিছতে বিশ্বকাপৰ বাবে তৈয়াৰ কৰা চহৰৰ সকলো অস্থায়ী বীয়েৰৰ দোকানসমূহ বন্ধ কৰি দিছে ডোহাৰ আৰক্ষীয়ে৷ ৰাজপৰিয়ালক সন্মত কৰোৱা সম্ভৱ নহয় বুলি বুজি পোৱা ফিফাৰ কর্মকর্তাসকলে বীয়েৰ প্রস্তুতকাৰক সংস্থাৰ সৈতে আলোচনা কৰিছে যদিও সমাধানসূত্র পোৱা অত্যন্ত কঠিন বুলি ধাৰণা হৈছে৷

You might also like