গড়চুক-মঙলদৈত পথ দুৰ্ঘটনা, হতাহত ২
নিশা মহানগৰীৰ গড়চুকৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে পথচাৰীক। ফলত থিতাতে নিহত এজন যুৱক। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চাৰিচকীয়া বাহনখন। লখৰাৰ পৰা জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। বৰ্তমানো পৰিচয় জানিব পৰা হোৱা নাই যুৱকজনৰ। ঘটনাস্থলীত গড়চুকৰ যানবাহন আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ চিকিৎসাৰ বাবে লৈ যায় লোকজনক।
ইফালে মঙলদৈত নিশা সংঘটিত হয় শোকাৱহ দুর্ঘটনা। পথৰ পৰা খাৱৈত পৰি মৃত্যু এজন লোকৰ। ২নং বেজপাৰাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। পুৱা প্ৰাতঃভ্রমণলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ। মৃত লোকজন নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে। শ্যামল শৰ্মা মঙলদৈ Dream Theatreৰ অপাৰেটৰ আছিল।
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ