নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ শতাংশ বোনাছৰ দাবীত নাগিনীজানত ‘আছা’ৰ প্ৰতিবাদ,  স্মাৰক-পত্ৰ প্ৰদান

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : দুৰ্গাপূজাৰ পূৰ্বে চাহ বাগিচাসমূহত বোনাছকেন্দ্ৰিক সংঘাত সৃষ্টি হোৱা দেখা যায় । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । মৰিয়নিৰ জালিংগা টি কোম্পানী (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ অধীনস্থ নাগিনীজান চাহ বাগিচাত বোনাছক কেন্দ্ৰ কৰি মালিকপক্ষ আৰু শ্ৰমিকৰ সংঘাত আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে পূৰ্বৰ অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচাখন বৰ্তমান জালিংগা টি কোম্পানী প্ৰাইভেট লিমিটেডে লীজত লৈ চলাই আছে । বাগিচাখনত ইতিপূৰ্বে বন্ধ হৈ যোৱা কলঘৰো পুনৰুজ্জীৱিত কৰি তোলা হ’ল । কিন্তু তাৰ বিপৰীতে শ্ৰমিকসকল প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ ৰ’ল । দিনে দিনে শ্ৰমিকৰ সমস্যাসমূহ বৃদ্ধি পোৱাৰহে অভিযোগ উত্থাপিত হৈছে । এইবাৰ যোৱা ৩ ছেপ্টেম্বৰত মালিকপক্ষই শ্ৰমিকক ৮•৩৩ শতাংশ অৰ্থাৎ সৰ্বনিম্ন বোনাছ প্ৰদানৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে জাঙুৰ খাই উঠে শ্ৰমিকসকল । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ৰ নাগিনীজান প্ৰাথমিক গোটে বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
আজি আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত বাগিচাখনৰ শ্ৰমিকসকলে কাৰ্যালয়ৰ সন্মুখত সমৱেত হৈ বাগিচা কৰ্তৃপক্ষৰ এনে অবিবেচকী সিদ্ধান্তৰ প্ৰতিবাদ জনায় । কোনো কাৰণতে তাক মানি লোৱা নহ’ব বুলি শ্ৰমিকসকলে একমুখে কয় । ইফালে, বাগিচাখনৰ মালিকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি আদিবাসী ছাত্ৰ সন্থাৰ নাগিনীজান প্ৰাথমিক গোটে পৰিচালকক এখন স্মাৰক-পত্ৰও প্ৰদান কৰে । আছাৰ নাগিনীজান প্ৰাথমিক গোটৰ সভাপতি লতিফ নায়ক আৰু সাধাৰণ সম্পাদক বিকি ৰায়ে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰত ৮•৩৩ শতাংশ বোনাছ কোনোপধ্যে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি ২০ শতাংশ বোনাছ প্ৰদানৰ দাবী জনায় ।
তেওঁলোকে স্মাৰক-পত্ৰত উল্লেখ কৰি কয়- বাগিচাখনৰ মালিকপক্ষই চাহ শ্ৰমিকসকলৰ মজুৰি, কৰ্মচাৰীৰ দৰমহা সময় মতে দিব পৰা নাই । তদুপৰি ৰেচন, খৰি, পানী আদিৰ লগতে আন আন সুবিধাসমূহৰ পৰাও শ্ৰমিকসকল বঞ্চিত হৈ ৰৈছে । তাৰ পিছতো শ্ৰমিকসকলে কামত হেমাহি নকৰি নিজৰ কাম ঠিক মতে কৰি গৈছে । কিন্তু দুৰ্গাপূজাৰ দৰে বাগিচা অঞ্চলৰ এক বৃহৎ উৎসৱত তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব । দুয়ো ছাত্ৰ নেতাই শীঘ্ৰেই শ্ৰমিকক ২০ শতাংশ বোনাছ আদায় দিয়াৰ দাবী জনায় । অন্যথা ৬ ছেপ্টেম্বৰৰ পৰা কৰ্তৃপক্ষ আৰু মালিকপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিছে ।
ইফালে, যোৱা ১ ছেপ্টেম্বৰত যোৰহাট শাখা অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ সৈতে জালিংগা টি কোম্পানী আৰু অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখা আৰু বাগিচা প্ৰাথমিক গোটৰ প্ৰতিনিধিৰ এক বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকতে জালিংগা কোম্পানীয়ে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মাত্ৰ ৮•৩৩ শতাংশহে বোনাছ প্ৰদান কৰিব পাৰিব বুলি ঘোষণা কৰিছিল বুলি জানিব পৰা গৈছে । সেই অনুসৰি কোম্পানীয়ে ৮•৩৩ শতাংশ বোনাছ ঘোষণা কৰে । কিন্তু ইয়াৰ বিৰুদ্ধে শ্ৰমিকসকলৰ লগতে আদিবাসী ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । ইয়াৰ ফলত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে বাগিচা কৰ্তৃপক্ষই জগৰীয়া হ’ব বুলিও তেওঁলোকে সকীয়াই দিছে । ইয়াৰ পিছত মালিকপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া
You might also like