নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেচনেল হেৰল্ডৰ সম্পত্তি জব্দত সন্মতি পিএমএলএ কর্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ যোৱা বছৰ নৱেম্বৰ মাহত নেচনেল হেৰল্ড গোচৰত ৭৫১ কোটি ৯০ লাখ টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ এইবাৰ কংগ্রেছৰ সৈতে সম্পর্ক থকা নেচনেল হেৰল্ডৰ বিপুল অংকৰ সম্পত্তি ‘সাময়িক বাজেয়াপ্ত’ৰ সিদ্ধান্তৰ ক্ষেত্রত অনুমতি দিলে অবৈধ ধনৰ লেনদেন প্রতিৰোধ আইন (পিএমএলএ)ৰ বিচাৰ বিভাগীয় কর্তৃপক্ষই৷ ইতিমধ্যে আয়কৰৰ জাননীত কংগ্রেছৰ হাহাকাৰ অৱস্থা হৈছে৷ ১৭০০ কোটি টকা জৰিমনা কৰা হৈছে দেশৰ প্রধান বিৰোধী দলটোক৷ আয়কৰ সম্পর্কীয় অনিয়মৰ অভিযোগত যোৱা ১৬ ফেব্রুৱাৰীত কংগ্রেছৰ প্রধান বেংক একাউণ্ট ফ্রীজ কৰি দিছে আয়কৰ বিভাগে৷ এইবাৰ পিএমএলএ কর্তৃপক্ষৰ সিদ্ধান্তই সংকটত পেলাব কংগ্রেছক৷ বিভিন্ন মহলে লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ সংকট বাঢ়িব বুলি দাবী কৰিছে৷ সূত্রৰ খবৰ অনুসৰি পিএমএলএৰ তৰফৰ পৰা দিয়া নির্দেশত উল্লেখ কৰা হৈছে যে যি স্থাৱৰ–স্থাৱৰ সম্পত্তি আৰু ইকুইটী শ্বেয়াৰ বাজেয়াপ্ত কৰিছিল ইডিয়ে, সেইবোৰ অবৈধ পথেৰে উপার্জন আৰু ধন সৰবৰাহ অপৰাধৰ সৈতে জড়িত৷ উল্লেখনীয় যে ইডিয়ে বাজেয়াপ্ত কৰিছিল দিল্লীৰ ঐতিহ্যপূর্ণ হেৰল্ড হাউছ, মুম্বাইৰ হেৰল্ড হাউছ আৰু লক্ষ্ণৌৰ নেহৰু ভৱন ইত্যাদি৷ নেচনেল হেৰল্ড গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে কেইবাগৰাকীও ব্যক্তিক একাধিকবাৰ জেৰা কৰিছে ইডিয়ে৷ নেচনেল হেৰল্ডৰ কার্যালয়তো তালাচী চলাইছিল কেন্দ্রীয় সংস্থাটোৱে৷ এই গোচৰত অৱশ্যে কংগ্রেছৰ শীর্ষস্থানীয় কোনো নেতা এতিয়ালৈকে গ্রেপ্তাৰ হোৱা নাই৷ স্মর্তব্য যে ‘এছ’চিয়েট জার্নাল’ আৰু ‘য়ং ইণ্ডিয়ান’ নামৰ সংস্থা দুটা কংগ্রেছ নিয়ন্ত্রিত৷ ইয়াতেই জড়িত হৈ আছে ছোনিয়া আৰু ৰাহুলৰ নাম৷

You might also like