নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও অসামৰিক চিকিৎসালয়ত ১০ ঘণ্টাত ২১ চিজাৰিয়ান অস্ত্রোপচাৰ : কর্তব্যৰত চিকিৎসকলৈ জাননী জিলা প্রশাসনৰ

বার্তা ব্যুৰ’, মৰিগাঁও, ৯ ছেপ্টেম্বৰ : মৰিগাঁও জিলা সদৰস্থিত শ্বহীদ তিলক-হেমৰাম-গুণভিৰাম অসামৰিক চিকিৎসালয়ত বিগত ৫ ছেপ্টেম্বৰত ১০ ঘণ্টাৰ ভিতৰত কর্তব্যৰত এগৰাকী চিকিৎসকে ২১টি নৱজাতকৰ প্রসৱ কৰাইছিল৷ এই তথ্য লাভ কৰাৰ পাছত মৰিগাঁও জিলা প্রশাসনৰ হৈ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নিতিশা বৰাই সেই সময়ত কর্তব্যৰত চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈক এই ১০ ঘণ্টাৰ প্রক্রিয়াৰ বিশ্লেষণ তথা অৱগত কৰোৱাৰ বাবে জাননী জাৰি কৰে৷

এক পত্রত প্রসূতি বিশেষজ্ঞ ডাঃ কণ্ঠেশ্বৰ বৰদলৈক ৫ ছেপ্টেম্বৰৰ দিনৰ ৩.৪০ বজাৰ পৰা ৬ ছেপ্টেম্বৰৰ নিশা ১.৫০ বজালৈকে তেওঁ সম্পন্ন কৰা ২১গৰাকী প্রসূতিৰ চিজাৰিয়ান অস্ত্রোপচাৰৰ সময়ত গ্রহণ কৰা নির্দিষ্ট ব্যৱস্থা আৰু নিয়মসমূহ কিদৰে অনুসৰণ কৰা হৈছিল, সেয়া বিতংভাৱে বর্ণনা কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি প্রসূতিসকলৰ যাৱতীয় তথ্যসমূহ সঠিকভাৱে দাখিলৰ নির্দেশ দিয়া হৈছে চিকিৎসকগৰাকীক৷

আনহাতে, সংবাদ মাধ্যমৰ আগত ডাঃ কণ্ঠেশ্বৰ বৰদলৈয়ে তেওঁ কোনো অনিয়ম অথবা নীতিবহির্ভূত উপায় অৱলম্বন কৰা নাই বুলি দাবী কৰাৰ লগতে প্রসূতিৰ সংখ্যা সেইদিনা বেছি আছিল যদিও এয়া অস্বাভাৱিক নহয় বুলি প্রকাশ কৰে৷ আনহাতে, প্রশাসনক তেওঁ লিখিত উত্তৰ দাখিল কৰা বুলি প্রকাশ কৰাৰ লগতে তেওঁৰ ভাবমূর্তি বিনষ্ট কৰিবলৈ এটা পক্ষই চেষ্টা কৰি আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

You might also like